নগাঁও : নগাওঁ জিলাত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। অৱশ্যে বিগত দিন কেইটাৰ তুলনাত আজি মাত্ৰ চাৰিজন লোক ক’ভিড-১৯ ত আক্রান্ত হোৱাটো জিলা স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে। ইয়াকে লৈ জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৮৩ গৰাকীলৈ বৃদ্ধি পালে। ইপিনে আজি জিলা স্বাস্থ্য বিভাগে সুস্থ হৈ উঠা ক’ৰোনাত আক্রান্ত দুজন লোকক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে। এই লোক দুজন মোৱামাৰী আদৰ্শ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। এই দুজনকে ধৰি জিলাখনত সুস্থ হৈ উঠা লোকৰ সংখ্যা ২৩১ জনলৈ বৃদ্ধি পালে। জিলাখনত ক’ৰোনা আক্ৰান্তৰ সুস্থতাৰ হাৰ প্ৰায় ৪৯%। আজি দিনটোত জিলাখনৰ ৫৬ টা কোৱাৰেণ্টাইন চেণ্টাৰত ৩৩৪৭ গৰাকী লোক কোৱাৰেণ্টাইন হৈ আছে। আজিৰ দিনটোত বহিঃ ৰাজ্যত আৱদ্ধ নগাঁৱৰ পাছশতাধিক লোক নগাঁৱলৈ আহিছে। আজি লৈকে জিলাখনলৈ বহিঃ ৰাজ্যৰ পৰা প্ৰায় ১২ হাজাৰ লোক আহিছে। আনহাতে আজি দিনটোত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ১১০ গৰাকী, কন্দলি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ৩৭ গৰাকী, উজৰা গাওঁ আদৰ্শ চিকিৎসালয়ত ৩৩ আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ২৯ গৰাকী চিকিৎসাধীন হৈ আছে।