উত্তৰ গুৱাহাটীত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী …

উত্তৰ গুৱাহাটীৰ অভয়পুৰস্থিত যোগ নিলয়ম কেন্দ্ৰত SEVA BHARATI INSTITUTE OF FIRE, SAFETY & DISASTER MANAGEMENT নামৰ শিক্ষানুষ্ঠান আনুষ্ঠানিক ভাৱে মুকলি কৰে ৰাজ্যপাল গৰাকীয়ে ।উল্লেখ্য যে এই প্ৰতিষ্ঠানটোত আজিৰ পৰা আৰম্ভ হ’ব বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু পৰিৱেশৰ ক্ষেত্ৰত উন্নতমানৰ ডিপ্লমা পাঠ্যক্ৰম ।এই পাঠ্যক্ৰম অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ।

বৰ্তমান সময়ত ঔদ্যোগিক বিকাশ তথা বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ বিকাশৰ লগতে আপাতকালিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এই পাঠ্যক্ৰমে বিশেষ ভূমিকা গ্ৰহন কৰিব ।আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে RSSৰ সেৱাপ্ৰমুখ পৰাগ জী অভ্যঙ্কৰ, NRLৰ MD ভাষ্কৰজ্যোতি ফুকন, SEVA BHARATI INSTITUTE OF FIRE, SAFETY & DISASTER MANAGEMENTৰ অধ্যক্ষ অখিল কুমাৰ দাস, পূৰ্বাঞ্চল ভাৰতীৰ সভাপতি ৰমেন শৰ্মাৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি ।এনে ধৰণৰ পাঠ্যক্ৰমে আমাক অকল আপাতকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শিকোৱাই নহয়, সমাজত সেৱাৰ মনোভাৱো বিকশিত কৰিব বুলি আশাবাদী ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী ।

ৰাজ্যপাল গৰাকীয়ে তেওঁৰ ভাষণত সেৱা ভাৰতীৰ এই পদক্ষেপক শলাগ লোৱাৰ লগতে উল্লেখ কৰে যে এই পাঠ্যক্ৰম দেশৰ ভিতৰতে প্ৰথম আৰু অনন্য ।লগতে তেওঁ উল্লেখ কৰে যে বৰ্তমান সময়ত উগ্ৰপন্থীৰ কুটঘাটমূলক কাৰ্যকলাপবোৰ প্ৰতিহত কৰিবলৈ এনে ধৰণৰ পাঠ্যক্ৰমৰ প্ৰাসংগিকতা আছে ।

Related Articles