বিটিচিৰ কোকৰাঝাৰ জিলা গোসাইগাওঁ মহকুমাৰ ফোপলা ছবি।পানোৱাৰী গাঁওৰ হাৰাফুটা নদীৰ ওপৰত উপযুক্ত দলং নথকাৰ বাবে বিপদ সংকুল নিতৌ যাতায়ত কৰিব লগীয়া হৈছে বৃহৎ অঞ্চলৰ ৰাইজ।বিদ্যালয়ৰ কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে এক মাত্ৰ দলঙৰে যাতায়ত কৰি আছে যদিও এতিয়া বিপদ সংকুল ভাবে পাৰা পাৰ হব লগীয়া হৈছে বিদ্যালয়লৈ।
মামা মামা আমাক এখন ভাল দলঙ লাগে যাতে আমি নিতৌ স্কুললৈ যাব পাৰো কাৰণ মোৰ আশা এজন ডাঙৰ মানুহ হবলৈ পিছে এই কথাষাৰ আমাৰ নহয় বিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ।উল্লেখ যে অঞ্চলটোৰ ৰাইজে উপযুক্ত দলঙ নথকাত যাতায়ত কৰিবলৈ অসুবিধাৰ সম্মুখীন হব লগা হৈছে। বছৰ ধৰি এনেদৰে পৰিতক্ত অবস্থাত মৰণ ফাণন্দত যাতায়ত কৰি আহিছে অঞ্চল ৰাইজ তথা বিদালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে ।
দলঙৰ অভাৱত বেমাৰী লবলৈ আহিব নোৱাৰে এখন এম্বুলেঞ্চ।বৃহৎ অঞ্চলৰ ৰাইজৰ যাতায়ত কৰাৰ সুবিধাৰ্থে এখন পকী দলঙৰ বাবে স্থানীয় বিধায়ক তথা বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ সচেতন মহলে।

