ৰঙ্গেশ্বৰীত মথাউৰি নিৰ্মাণ কাৰ্য্য আধৰুৱা কৰি উধাও ঠিকাদাৰ, আতংকিত গঞাৰ ব্যৱস্থা গ্ৰহণৰ দাবী

বাৰিষাৰ সময় কাষ চাপি অহাৰ লগে লগে চিন্তিত হৈ পৰিছে ৰাজ্যৰ নৈপৰীয়া আৰু ভগ্ন মথাউৰিৰ আশেপাশে থকা লোকসকল। নগৰবেৰাৰ ৰঙ্গেশ্বৰীতো মথাউৰি নিৰ্মাণ কাৰ্য্য আধৰুৱা কৰি ঠিকাদাৰ উধাও হোৱাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজে। কিয়নো যোৱাটো বানে ৰঙ্গেশ্বৰী গাঁৱৰ মাজেৰে যোৱা ই এণ্ড ডি মথাউৰিটোৰ কেইবাঠাইত ছিঙি নিয়াৰ ফলত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাইজৰ মাজত। তাৰ পাছতে মথাউৰিটো পুণৰ নিৰ্মানৰ বাবে এছ ডি আৰ এফ আঁচনিৰ অধীনত প্ৰায় এক কৌটি ১৭ লাখ টকা ধাৰ্য্য কৰিছিল জলসম্পদ বিভাগে। প্ৰায় পাঁচ মাহ পূৰ্বে যুটীয়া ভাৱে আঁচনিটোৰ আধাৰশিলা স্থাপন কৰিছিল ৭ নং গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওঝা আৰু স্থানীয় বিধায়িকা নন্দিতা দাসে। সেইমতেই প্ৰায় তিনিমাহ পূৰ্বে অৰ্থাৎ খৰালী দিনত আৰম্ভ  হৈছিল পথটিৰ নিৰ্মাণকাৰ্য্য। কিন্তু সামান্য পৰিমানৰ (৫%)কাম কৰিয়েই উধাও হয় কামৰ দায়িত্বত থকা ঠিকাদাৰ পৱণ বৰুৱা। যাৰ বাবে আজিও আধৰুৱা হৈয়ে থাকিল মথাউৰিটোৰ নিৰ্মানকাৰ্য। ফলত চিন্তিত হৈ পৰিছে মথাউৰিটোৰ ভিতৰফালে বসবাস কৰা লোকসকল। উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ জলসম্পদ বিভাগক আবেদন নিবেদন কৰিও নাপালে কোনো সুফল। বাৰিষাৰ পূৰ্বেই মথাউৰিটোৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ নহলে পুনৰ এক অনাকাংক্ষিত পৰিৱেশৰ সন্মুখীন হব লাগিব বুলি  গাঁওবাসীয়ে মন্তব্য কৰে। সেয়ে বাৰিষাৰ পূৰ্বেই মথাউৰিটোৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ কৰিবলৈ ৰাজ্যৰ নৱ নিৰ্বাচিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাক অঞ্চলটোৰ ৰাইজে দাবী জনোৱাৰ লগতে নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা ঠিকাদাৰ পৱণ বৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই। 

Related Articles