এতিয়া হিমসনা আঘোণৰ বতৰ।কৃষক ৰাইজৰ বহু আশা আৰু হেঁপাহৰ এই আঘোণ মাহ।কিয়নো বাৰিষা কালত মনত বহু আশা আৰু সপোনলৈ খেতিপথাৰত কৃষক ৰাইজে শালি ধানৰ খেতি কৰাৰ পাছত আঘোণৰ ভৰপক পথাৰৰ সোণোৱালী ধাননিডৰালৈ আশাৰে বাট চাই থাকে।আঘোণ পৰিলেই কৃষক সকলৰ কষ্টৰে খেতি কৰাৰ সকলো কথা পাহৰি পথাৰৰ সোণগুটিৰ প্ৰাপ্তিৰ আনন্দই মতলীয়া কৰি তোলে দেহ-মন।অকল কৃষকৰ সোণগুটি প্ৰাপ্তিৰ বাবেই যে দেহ-মন আনন্দ কৰে তেনে নহয় বৰঞ্চ আঘোণৰ প্ৰাচুৰ্যও কৃষকক লখিমী পথাৰলৈ হাতবাউলি মাতে।আঘোণৰ মাদকতাই যেন সুবাসিত কৰে গাঁৱৰ পথাৰ, আলি-পদূলি সকলো।আঘোণৰ ভৰপক বতৰত চহা জীৱনৰ কৃষক সকলৰ ব্যস্ততাৰ যেন সীমা নাই।পথাৰৰ থোকভৰা লখিমীক ঘৰলৈ দাই নিয়াত পুৱাৰ পৰা গধূলিলৈ ব্যস্ত। লক্ষণীয় যে সম্প্ৰীতিৰ নিৰ্ভেজাল প্ৰতিচ্ছবিয়ে প্ৰাণ পাই উঠে এই আঘোণৰ পথাৰত।সাউৰী খোৱা প্ৰথা ইয়াৰ যেন এক উজ্জ্বল নিদৰ্শন। য’ত ঐক্য-শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী বান্ধ খাই আছে।সাউৰী খোৱা দিনটোত গাঁৱৰ কোনো কৃষকৰ খেতি পথাৰত দল বান্ধি দিনত ধান দাই দিয়াৰ পাছত হাঁহ- পাৰৰ মাংস, মাটি মাহৰ দাইলেৰে সকলোৱে আনন্দ মনেৰে এসাঁজ খোৱা হয়।ইয়াত কোনো মাননি লোৱা নহয়। কিন্তু সম্প্ৰতি সময়ত ধানকটা যন্ত্ৰৰ আগমনে এই সাউৰী খোৱা পৰম্পৰা যেন গিলি পেলোৱাৰ উপক্ৰম হৈছে।একেদৰে আঘোণৰ আন পৰিচিত ছবিৰ ভিতৰত হ’ল কাচি উঠা,ন-খোৱা আদি প্ৰথা। আঘোণৰ প্ৰাচুৰ্যৰে ভৰা এই আমোদজনক পৰম্পৰা আৰু কৃষ্টি যেন আধুনিকতাৰ গ্ৰাসত বিলুপ্তিৰ পথত গতি কৰিছে। তদুপৰি আঘোণৰ পথাৰখনকলৈ মাটিৰ গোন্ধ থকা গীত- মাত, কৃষ্টি সংস্কৃতি সমূহো যেন আজি নাইকীয়া হৈ যোৱাৰ দিশে ধাবমান। আধুনিকতাৰ বতাহে উৰুৱাই নিব বিচৰা এই সমূহ নিৰ্ভেজাল কৃষ্টি সংস্কৃতি যদি আমি সময় থাকোঁতেই ৰক্ষা কৰাৰ ব্যৱস্থা নকৰো তেনেহলে অসমীয়া সমাজখনৰ হ’ব অতিকৈ দুৰ্ভাগ্য জনক।
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কি অদ্ভুত ৰীতি-নীতি, নৱ বিবাহিত দম্পতীয়ে বিয়াৰ ৩ দিনৰ বাবে যাব নোৱাৰে শৌচাগাৰলৈ। কইনাই কান্দিছে পেটৰ বিষত!
- অজয় দেৱগনে নয়ডা ৰ’ডত ষ্টাইলত ষ্টাণ্ট কৰিছিল, আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে দেৱগনৰ ওপৰত
- ছিপাঝাৰ সমষ্টিৰ প্ৰায় ৭০ গৰাকী ব্যক্তিয়ে আপত যোগদান কৰে
- দৈনিক খোজ খোজ কঢ়াৰ পিছতো আপোনাৰ ওজন হ্ৰাস হোৱা নাই নেকি? তেন্তে কি কৰিব…
- অজয় দেৱগনৰ জীয়ৰী নাইচা দেৱগনে লণ্ডনত বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰিলে; তাৰপিছত কি হ’ল! পাৰ্টীত কোনে ignore কৰিলে নাইচা দেৱগনক
- আজিৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ–মূল্যয়কৰ দৃষ্টি আকৰ্ষণৰ বাবে বিভিন্ন বিষয় উপস্থাপন–উৎসৱমুখৰ বিদ্যালয়ৰ পৰিৱেশ
- ২০০০ বৰ্গফুটত ২০০ বিধ উদ্ভিদৰ শাক-পাচলি খেতি কৰে এগৰাকী গৃহিণীয়ে
- ZEE TV ৰ জনপ্রিয় ৰিয়েলিটী শ্ব’ DID Little Master Season-5 ত উজলিছে চিলাপথাৰ ফুলবাৰীপথাৰৰ ৫ বছৰীয়া আধ্যাশ্রী উপাধ্যায়
- বঙাইগাঁৱৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কাছাৰপেটী গাঁও পঞ্চায়তত হাজাৰ হাজাৰ হেক্টৰ ধান মৰাপাটৰ খেতি নষ্ট
- জামুগুৰিহাটত পাৰিজাত ব্ৰেণ্ড চাহৰ সৰু পেকেটিং মুকলি কৰে নন্দন প্ৰতিম শৰ্মা বৰদলৈয়ে