Breaking

প্ৰকৃতিৰ বুকুত নতুন সাজেৰে সাজি-কাচি আহে ব’হাগ…

0 58

তই হ’বি বৰ গৰু, প্ৰকৃতিৰ বুকুত নতুন সাজেৰে সাজি-কাচি আহে ব’হাগ । নতুন বছৰৰ সেউজীয়া পাতৰ লগত ঢোল-পেঁপা বজাই আৱেগৰ দুৱাৰ খুলি সোমাই আহে ব’হাগ। প্ৰকৃতিৰ নিয়ম অনুসাৰে ঋতুশ্ৰেষ্ঠ বসন্ত আহে ব’হাগত। ফুলে পলাশ, শিমলু, মদাৰ, কৃষ্ণচূড়া ,ৰাধাচূড়া আৰু কপৌ ফুল । নানা ফুলৰ ৰঙে ৰঙিয়াল কৰে মানুহৰ মন। কপৌ-পলাশেৰে ভৰা প্ৰকৃতিৰ বুকুত নিনাদিত হয় কুলী-কেতেকীৰ সুৰৰ ধ্বনি। মন হয় চঞ্চল । ডেকা-গাভৰুৰ মন হয় ছন্দোময়, জাগে যৌৱনৰ শিহৰণ।


ব’হাগৰ সেউজীয়া ৰূপত সাৰ পাই উঠে কবিৰ কাব্যিক সত্তা, সৃষ্টি হয় কবিতা- গীত। ৰঙালী বিহুৰ লগত সংগতি ৰাখি অসমবাসীয়ে পালন কৰি আহিছে ‘ গৰু বিহু ‘ । কৃষিপ্ৰধান অসমবাসীয়ে সৃষ্টিৰ পথাৰৰ অন্যতম অংশীদাৰ গৰু’ক আগস্থান দি আহিছে । সেই বাবেই হয়তো ৰঙালী বিহুৰ প্ৰাক্‌মুহূৰ্তত তথা কৃষিকাৰ্যৰ শুভপ্ৰাক্‌ক্ষণত গৰু বিহু পতাৰ নিয়ম । গৰু বিহুৰ আগদিনা বজাৰলৈ গৈ প্ৰয়োজনীয় সাভগ্ৰী যেনে- জাতি লাউ , বেঙেনা , তিতা কেৰেলা , ঠেকেৰা , কেঁচা হালধি , মাটিমাহ আদি বজাৰ কৰি লৈ অনা হয় । গৰু বিহুৰ আগদিনা গাঁৱৰ-জীয়ৰী-বোৱাৰী সকলে ঢেঁকীত চাউলৰ পিঠাগুড়ি খুন্দে । গধুলি সেই পিঠাগুৰিৰে , তিল পিঠা, ঘিলা পিঠা , তেল পিঠা , কেটেৰী পিঠা , বৰ পিঠা , কল পিঠা , চালি পিঠিৰ লগতে বিভিন্ন ধৰণৰ লাডু বনাই বিহুৰ বাবে সাজু হয় । ইফালে ঘৰৰ জ্যেষ্ঠজনে কেঁচা বাঁহৰ কামিৰে তিনিশিৰীয়া নহলে দুই শিৰীয়া ‘ চাক্‌ ‘ তৈয়াৰ কৰে । ‘চাক’ তৈয়াৰ কৰাৰ পাছত এখন ডলা বা চালনীত প্ৰয়োজনীয় লাউ , বেঙাৰ , কেৰেলা , হালধি , ঠেকেৰা ইত্যাদি কাটি লোৱা হয় । তাৰ পাছত বাঁহৰ চাকবোৰত ইয়াক ক্ৰম অনুযায়ী সি দিয়া হয় । পুৱা সোনকালে শুই উঠা গৃহস্থজনে গোহালিত গৈ গৰু-গাইবোৰ পৰীক্ষা কৰে । গোহালিত বান্ধি ৰখা গৰুবোৰৰ ভিতৰত কিমানটা শুই আছে আৰু কিমানটা উঠি আছে । ইয়াৰ ফলত বছৰটোৰ বানপানী কম-বেছি হোৱাৰ কথাটো জানিব পাৰি । গৰু বিহুৰ দিনা গৰুক গা-ধুওৱাৰ আগতে মাহ-হালধি বটি প্ৰস্তত কৰি লোৱা হয় । ইয়াৰ পাছতে মাহ-হালধি খিনি গৰু গাত সানি দিয়া হয় । এইখিনি নিয়ম কৰাৰ পাছত ঘৰৰ সৰু-ডাঙৰ সকলোৱে গৰু-গাইবোৰক মাখিয়তী আৰু দীঘলতিৰ পাতেৰে কোবাই কোবাই গা ধুৱাবলৈ পুখুৰী , নৈ-বিললৈ লৈ যায় ।গৰুক গা ধুৱাবলৈ লৈ যোৱাৰ সময়ত মুখেৰে সকলোৰে গায় যায়-” দীঘলতি দীঘল পাত , মাখি মাৰো জাক জাক ।” ইয়াৰ যোগেদি বিশ্বাস কৰা হয় যে গৰু বিহুৰদিনাখন এনেদদে মাখি খেদিলে বছৰতোলৈ মাখিয়ে গৰু-গাইবোৰক আমনি নকৰে।

গৰু ধোৱাবৰ বাবে লাহনি-বালটিংঙ , মগ আদি লৈ গা-ধুওৱা ঘাটলৈ লৈ গৈ সকলোৱে ৰং-হাঁহি-তামাচাৰে গোটেই পৰিৱেশটো উওাল কৰি তোলে । গৰুক গা-ধুৱাবলৈ লৈ যোৱাৰ সময়ত প্ৰত্যেকৰ ঘৰৰ পৰা লাউ-বেঙেনাৰ চাকৰ লগতে তামোল-পাণো লৈ যায় আৰু সেই লৈ যোৱা তামোল-পাণবোৰ গাঁৱৰে এজনে গোটাই সমজুৱাকৈ কাটি লৈ প্ৰত্যেককে একোখনকে তামোল দিয়াটো নিয়ম । সকলোৱে তামোল হাতত পোৱাৰ পাছত -“জয় ৰাম বোলা•••জয় হৰি বোল••।” বুলি তামোল মুখলৈ নিয়ে । তাৰ পাছত ল’ৰা-বুঢ়া সকলোৱে হৰিধ্বনি দি গৰুৰৰ গালৈ পানী সিঁচি গা-ধুৱায় । গা-ধুওৱাৰ পাছতে গৰুৰ গালৈ লাউ-বেঙেনা মাৰি গোৱা হয়–

লাউ খা, বেঙেনা খা
বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা
মাৰে সৰু , বাপেৰে সৰু তই হ’বি বৰ বৰ গৰু
বুলি সকলোৱে ৰং ৰহইচেৰে গৰুৰ গালৈ লাউ-বেঙেনা মাৰিবলৈ ধৰে ।

গৰুৰ গাত লাউ-বেঙনা মৰাৰ পাছত গৰু গা-ধুওৱা ঠাইৰ পৰা কইডোখৰমান লাউ-বেঙনা বুটলি অনাটো নিয়ম । সেই বুটলি অনা লাউ-বেঙনাখিনি পাছত আঞ্জা কৰি খোৱাৰ এক নিয়ম আছে । ইয়াৰ পাছত ইজনে সিজনৰ পৰা ‘চাক’ বদলি কৰে আৰু লগতে মাখিয়তী নহলে দীঘলতিৰ ঠাল সলনি কৰাটোও পৰম্পৰাৰ ভিতৰত পৰে ।গৰু বিহুৰ দিনা ঘৰখনৰ বিভিন্নজনে বিভিন্ন কামত ব্যস্ত হৈ পৰে । কোনোৱাই পুখুৰিৰ পৰা মাছ ধৰে নহলে উৰুকাৰ দিনা বিলত সমূহিয়া মাছ ধৰিবলৈ যায় আৰু কোনোবাই মাংস , শাক-পাচলি সংগ্ৰহ কৰে । ব’হাগ বিহুত এশ-এবিধ শাক গোটাই -পিতাই এখন আঞ্জা বা ভাজি কৰি খাব লাগা এক পৰম্পৰা অতিজৰে পৰা চলি আহিছে । ইয়াৰ ফলত বছৰতোলৈ বহু বেমিৰ-আজাৰৰ পৰা ৰক্ষা পাব পাৰি । গৰু বিহুৰ দিনা আমৰলি পৰুৱা টোপ খোৱাৰো এক পৰম্পৰা আছে ।
গৰুক গা-পাত ধুৱাই মানুহবোৰ ঘৰলৈ আহি গৰু নোৱা মাহ-হালধি নিজ গাত ঘহি গা-পাত ধুই জা-জলপান খায় । গৰু বিহুৰ দিনাই ঘৰৰ জেষ্ঠ জনক সেৱা জনাই আৰ্শিৱাদ লয় । সন্ধিয়া ঘৰৰ পদূলিমুখত তথা গোহালিত -ধান খেৰ, তুঁহগুড়ি , ভাং গছৰ আগ , জেতুলি পকা গছৰ পাত ,মাখিয়তীৰ পাত, ঔ তেঙা গছৰ পাত আদিৰে ‘ জাগ ‘ দিয়া হয় । জাগ দিয়া ধোঁৱাবোৰ বিচনিৰে বা দি ঘৰৰ ভিতৰ আৰু গোহালিত সোমাবলৈ দিয়ে । লোকবিশ্বাসৰ মতে ,সেই ধোঁৱা ঘৰৰ ভিতৰত সোমালে পোক-পৰুৱা, মহৰ পৰা হ’ব পৰা বেমাৰৰ পৰা হাত সৰাৰ লগতে গোহালিত গৰুৰ বেমাৰ আজাৰ নহয় । তানহাতেদি গধুলিৰ আগে আগে পথাৰৰ পৰা গৰু বিলাক আনি গৰুৰ ডিঙীত নতুন পঘা লগাই বিচনীৰে বা দি গোহালিত সোমায় । ঘৰৰ গৃহস্থই বিহুৰ কেইবা দিনমান আগৰে পৰাই নতুন মৰাপাতেৰে তৰা গছৰ পাত মিহলাই গৰুৰ কাৰণে নতুন পঘা তৈয়াৰ কৰি থৈ দিয়ে । এইদৰে গৰু বিহুৰ দিনা গৰুক নতুন পঘাৰে বিহুৱান দি গোহালিলৈ আদৰে । গধূলি ঘৰৰ সকলোৱে এমূঠি খাই-বৈ হাতত জেতুকাৰে বোল সানি পিছদিনাখন মানুহ বিহুলৈ সাজু হয় ।


হুঁচৰি ব’হাগ বিহুৰ লগত সাঙোৰ খাই থকা অনুষ্ঠান । গৰু ৰিহুৰ নিশাৰ পৰাই হুঁচৰি আৰম্ভ হয় । হুঁচৰিৰ দল আহি গৃহস্থৰ ঘৰত ভৰি দিয়েই গৃহস্থক উদ্দেশ্য কৰি আশীৰ্বাদ দিয়ে । তাৰ পিছত হুঁচৰি গীত আৰম্ভ হয় । হুঁচৰিৰ অন্তত গৃহস্থৰ কুশলৰ অৰ্থে হৰি বোলা ধ্বনিৰে আশীৰ্বাদ দিয়ে । তাৰ লগতে কয়–খুঁটিত ম’হ, গোহালিত গৰু , বাৰীত তামোল-পাণ লগতে ভঁৰালত ধানে উপচি পৰক । খেতিয়কৰ ঘৰত যিখিনি প্ৰয়োজন তাৰেই আন্তৰিক আশীৰ্বাদ । ইয়াৰ পাছতে বিহুনাম গাই গৃহস্থৰ পৰা টকা-পইছি মাননি লৈ গৃহস্থৰ পৰা আৰ্শীৰ্বাদ লৈ বীদায় মাগে ।এনেকৈয়ে প্ৰথম দিনা গৰু বিহুৰ পৰম্পৰা উলহ-মালহেৰে অন্ত পৰে । বিহু প্ৰানকৈ কৃষিভিওিক উৎসৱ । গৰু কৃষিৰ প্ৰধান আহিলা । গতিকে গৰুক পৰিচৰ্যা কৰাটো কৃষকসকলৰ প্ৰধান কৰ্তব্য ।সেয়ে বিহুৰ প্ৰথম দিনা গৰু বিহু পতা হয় , গৰুক আদৰ-যত্ন কৰা হয়, তাৰ পিছতহে আৰম্ভ হয় মানুহ বিহু। হিন্দু শাস্ত্ৰ মতে গৰু পৱিএ জন্তু । আনহাতে , কৃষিৰ বাবে নিতান্তই আৱশ্যকীয় । প্ৰাচীন অসমত বসবাস কৰিবলৈ অহা মংগোলীয়সকলে ব’হাগ বিহুৰ সময়ত গৰুক গা-পা ধুৱাই , নতুন পঘা দি পূজা-পাতল কৰা ফৰম্পৰাই গৰু বিহুৰ পাতনি বুলি ক’ব পাৰি ।

লেখকঃ নৱজ্যোতি বৰা

Leave A Reply