Breaking

কামৰূপ জিলাৰ কুমাৰ ভাস্কৰ বৰ্মাৰ ক্ষেত্ৰত সমূহীয়া বিহুৰ আখৰা; আখৰা ক্ষেত্ৰত উপায়ুক্ত, বিভিন্ন প্ৰশাসনিক বিষয়া, আৰক্ষী অধীক্ষকৰ লগতে মূখ্যমন্ত্ৰীৰ বিশেষ কৰ্মৰত বিষয়া হেমন্ত চোধুৰী…

0 92

আজি আমিনগাঁওৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামত গিনিজ বুক অব্ বৰ্ল্ড ৰেকৰ্ডছৰ বাবে একেলগে ১০ হাজাৰ বিহুৱা-বিহুৱতীয়ে অংশ লবলগীয়া বিহুত কামৰূপ জিলাৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া ৬০০ গৰাকী বিহুৱা-বিহুৱতীৰ এক সমূহীয়া অনুশীলন তথা প্ৰদৰ্শন অনুষ্ঠিত হয়।

পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা আখৰাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুৱা-বিহুৱতীৰ সমূহীয়া বিহুৰ আখৰাৰ দৃষ্টিনন্দন তথা চিত্তাকৰ্ষক প্ৰদৰ্শনে সকলোকে আপ্লুত কৰে।

অনুশীলনৰ পূৰ্বে জিলা উপায়ুক্ত মাননীয়া কীৰ্তি জল্লী আৰু আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে বিহুৱা-বিহুৱতী সকলক শুভেচ্ছা জ্ঞাপন কৰে।

জিলাৰ অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে ধ্ৰুৱজ্যোতি দাস, সিদ্ধাৰ্থ গোস্বামী, কমল বৰুৱা, সুজাতা গগৈ, মুনমী কলিতা, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীকে ধৰি জিলাখনৰ শীৰ্ষ বিষয়া সকলে এই অনুশীলন প্ৰত্যক্ষ কৰে।

Leave A Reply