Breaking

চাপৰৰ কলাবাৰী প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলত একে নিশাই মূল্যৱান শাল গছ কাটি তহিলং দুৰ্বৃত্তৰ!

0 34

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ তথা বহলপুৰ আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অধীনস্থ কলাবাৰী প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলত বুধবাৰে নিশা সাত ডাল মূল্যৱান শাল গছ কটা ঘটনাই প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত বাতৰি মতে, বঙাইগাঁও আই ভেলী বনসংমণ্ডলৰ অন্তৰ্গত তথা বহলপুৰ আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অধীনস্থ কলাবাৰী প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলত নিশা এটি দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰি সাত ডাল মূল্যৱান শাল গছ কাটে। ইপিনে স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে উক্ত ঘটনাৰ উমান পাই বনাঞ্চলখনলৈ আগবাঢ়ি যোৱাত বন ধ্বংসকাৰী সকলে গাঁওৰ ৰাইজৰ কথা উমান পাই কাটি থোৱা গছ এৰি পলাই যায়।

পিছত ৰাইজে বহলপুৰ আঞ্চলিক বন বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে। বহলপুৰ আঞ্চলিক বন বিষয়া ঘটনাস্থলীত উপস্থিত হৈ কটা গছ উদ্ধাৰ কৰি বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়লৈ লৈ আহে। ঘটনা সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply