Breaking

মাজ আকাশত বিমানৰ বাথৰুমত আইছ’লেচন ৰোগীৰ

0 1,034

আমেৰিকা যুক্তৰাষ্ট্রৰ বিমান এখনত মাজ আকাশত যাত্রী এগৰাকী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছতেই বিমানখনৰ বাথৰুমত কেইবাঘণ্টা ধৰি আইছ’লেচন কৰি ৰখা ঘটনাক লৈ আলোড়নৰ সৃষ্টি হৈছে৷ তথ্য মতে, আইচলেণ্ডৰ পৰা চিকাগোলৈ বিমানেৰে গৈ থকা অৱস্থাত মিছিগানৰ স্কুলৰ মেৰিছা ফটিঅ’ নামৰ শিক্ষকগৰাকীৰ হঠাতে ডিঙিত অসুবিধাৰ সৃষ্টি হয়৷ লগে লগে তেওঁ বিমানৰ বাথৰুমলৈ গৈ লগত থকা ৰেপিড পৰীক্ষণ কিটৰ দ্বাৰা পৰীক্ষা কৰে৷

এই পৰীক্ষাত শিক্ষকগৰাকী ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছতেই বিমানৰ কর্মচাৰীক অৱগত কৰি শিক্ষকগৰাকীয়ে মাজ আকাশত বাথৰুমত নিজকে আইছ’লেচন কৰি ৰাখে৷ শিক্ষকগৰাকী ক’ভিডত আক্রান্ত হৈ বাথৰুমত নিজকে আবদ্ধ কৰি ৰাখি বিমানখনত থকা ১৫০জন যাত্রীক শংকিত কৰাৰ পৰা আঁতৰাই ৰাখে৷ পিছত শিক্ষকগৰাকীয়ে ছ’চিয়েল মিডিয়াত এই তথ্য প্রকাশ কৰাত আলোড়নৰ সৃষ্টি হয়৷

Leave A Reply