Breaking

বিহুৰ আনন্দৰ মাজতে এটা পৰিয়াললৈ নামি আহিল অমানিশা! পুত্ৰ, ভতিজাৰ দুখ সহিব নোৱাৰি পিতৃয়ে বাছি ল’লে চৰম পন্থা…

0 34

তিতাবৰ খাৰখোৱা গাঁৱৰ অচ্যুত ৰঞ্জন গগৈ গোৱাৰ হাউচ কিপিং নামৰ এটা কোম্পানীত আৰু পাপু গগৈ নামৰ  যুৱকজন গোৱাৰ পেৰাগ্ৰীণ চিকিউৰিটিৰ চিপলা নামৰ কোম্পানীত কৰ্মৰত আছিল। ব’হাগৰ প্ৰথম দিনাই অচ্যুত ৰঞ্জন গগৈ (২০) আৰু তেওঁৰ বৰদেউতাকৰ পুত্ৰ তথা জ্যেষ্ঠ ভ্ৰাতৃ পাপু গগৈ (২৭) দুয়ো ককাই-ভাই নিজৰ কৰ্মস্থলীৰ পৰা কৰ্তব্য সামৰি মটৰ চাইকেলেৰে ঘূৰি আহোঁতে বিয়লি প্ৰায় পাঁচ বজাত গোৱাৰ আগাচেইম আৰক্ষী থানাৰ সমীপত পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয়।

নিজ পুত্ৰ আৰু ভতিজাকৰ অকাল মৃত্যুৰ দুখ সহিব নোৱাৰি পাপু গগৈৰ পিতৃ অনিল গগৈয়ে নিজ গৃহৰ পিছফালে ৰাতি প্ৰায় ১০ বজাত চৰম পন্থাক আঁকোৱালি লয়। এফালে পুত্ৰ আৰু ভতিজাৰ পথ দুৰ্ঘটনাত মৃত্যু আনফালে পাপু গগৈ পিতৃৰ চৰম পন্থা । একেটা সহোদৰ পৰিয়ালৰ তিনিজনকৈ লোকৰ মৃত্যুত এতিয়া সমগ্ৰ তিতাবৰত শোকৰ ছাঁ।গোৱাত দুৰ্ঘটনা পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা দুই যুৱকৰ মৃতদেহ আনিবলৈ সক্ষম নহয় দৰিদ্ৰ পৰিয়াল দুটাৰ লোক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক দুই যুৱকৰ মৃতদেহ  অনাৰ ব্যৱস্থা কৰিবলৈ কাতৰ অনুৰোধ জনাইছে দুয়োটা দৰিদ্ৰ পৰিয়ালৰ লোকে।

Leave A Reply