Breaking

দীপান্বিতাৰ আনন্দ উল্লাসৰ মাজতে জ্বলি ভস্মীভূত হ’ল গোহালীৰ গৰু, গড়ালৰ গাহৰি আৰু হাঁ‌হ কুকুৰা…

0 55

পোহৰৰ উৎসৱ দিপাৱলীৰ আনন্দ উল্লাসৰ মাজতে হঠাতে কাল ধুমুহা নামি আহে এটি চহা গাঁৱলীয়া পৰিয়াললৈ । চৰাইদেউ জিলা অসম-অৰুণাচল সীমান্তৰ স্পৰ্ষকাতৰ অঞ্চল চৰাইপুং ডাবলুহাবি গাঁ‌ৱৰ নন্দ গোঁহাইৰ বাসগৃহত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ দিপাৱলীৰ অমানিশা সন্ধিয়াটোত দিনৰেপৰা দি থকা নেৰানেপেৰা কিন-কিনিয়া বৰষুণ আৰু পাতলীয়া বৰষুণজাকৰ মাজতে গোহালীত মহ-দাঁ‌হ খেদিবলৈ দিয়া ধোঁ‌ৱাৰ জুইয়ে ললে কালৰূপ।

বিধ্বংসী জুইকুৰাৰ সৰ্বনাশী কালৰূপে নিমিষতে ভস্মীভূত কৰিলে গৰু, গড়ালৰ গাহৰি আৰু হাঁ‌হ-কুকুৰাকে আদি কৰি লক্ষাধিক টকাৰ সা-সম্পত্তি । প্ৰাপ্ত তথ্য অনুসৰি জটিল ৰোগত আক্ৰান্ত নন্দ গোঁহাইৰ পত্নী বহুদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । তেওঁলোকৰ একমাত্ৰ পুত্ৰ ভীম গোঁ‌হাইয়ো মাকৰ আল পৈচান ধৰি চিকিৎসালয়তে আছিল। ঘৰখনৰ একমাত্ৰ মুৰব্বী নন্দ গোঁ‌হাইয়ে গোহালীৰ গৰুকেইটাৰ মহ মাখি খেদোৱা জুইকুৰাই যে অঘটন ঘটালে সেই কথা ধাৰাষাৰ বৰষুণজাকৰ বাবে ঘৰৰ মুৰব্বী নন্দ গোঁ‌হাই তথা প্ৰতিবেশী কোনো এঘৰ মানুহেই গম নাপালে ৷ যেতিয়া গম পাইছে তেতিয়া বহু পলম হৈ গ’ল৷

Leave A Reply