Breaking

ৰঙালী বিহুৰ উছাহৰ মাজতে মৰিয়নিৰ নকছাৰিৰ নাগিনীজন চাহ বাগিচাত উত্তাল প্ৰতিবাদ…

0 12

অসমৰ বাপুতি সাহোন ৰঙালী বিহুৰ দ্বিতীয় দিনাই মৰিয়নীৰ নাগিনিজান চাহ বাগিছাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ।চৰকাৰ বিৰোধী শ্লোগানে উত্তাল প্ৰতিবাদ শ্ৰমিকৰ। বাগিচা খনৰ শ্ৰমিকে লাভ কৰা নাই বিগত দুটা পষেকৰ দৰমহা।

জালিংগা টি কোম্পানীৰ অধীনত আছে বাগিছাখন।পূৰ্ৱে অসম চাহ নিগমৰ অধিনৰ আছিল বাগিচা খন। শ্ৰমিকক প্ৰাপ্য মজুৰি প্ৰদান কৰাত ব্যৰ্থ কোম্পানীটো। জালিংগা টি কোম্পানী আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰী চাহ শ্ৰমিকৰ। শীঘ্ৰে প্ৰাপ্ৰ্য মজুৰি প্ৰদানৰ দাবী প্ৰতিবাদকাৰী শ্ৰমিকৰ।ৰাজপথ অৱৰোধ কৰাৰ হুংকাৰ ক্ষোভিত চাহ শ্ৰমিকৰ বিজেপি চৰকাৰ বিৰোধী শ্লোগানে উত্তাল প্ৰতিবাদ শ্ৰমিকৰ।

Leave A Reply