শাওন মাহত পশ্চিম নলবাৰীৰ কুলবিল শিৱালয়, বিল্বেশ্বৰ দেৱালয়ত অজস্ৰ শিৱ ভক্তৰ পূজা অৰ্চনা

 অসমৰ ঐতিহ্যমণ্ডিত,তথা  পশ্চিম নলবাৰী অঞ্চলৰ  বেলশৰস্হ শ্ৰীশ্ৰী বিল্বেশৰ দেৱালয় আৰু চামতাৰ কুলবিলস্হ কুলবিলঘাট ৰাজহুৱা শিৱালয়ত পবিত্ৰ শাওন মাহ উপলক্ষে  অজস্ৰ শিৱভক্তৰ সমাগম ঘটে ৷  পুৱাৰে পৰা নলবাৰী জিলা আৰু চবুৰীয়া জিলাৰ অজস্ৰ শিৱভক্ত পুৰুষ মহিলা আহি শৈৱানুষ্ঠান দুখন দৰ্শন কৰি নৈবেদ্য শৰাই, ফুল বেলপাত ,এৱাগাখীৰ আদিৰে মহাপ্ৰভু শিৱক পূজা অৰ্চনা কৰে ৷ ভক্ত সকলে মনোকামনা পুৰৰ্নাৰ্থে প্ৰতি গৰাকী ভক্তই পাঁচ, দহ গচিকৈ বন্তি প্ৰজ্বলনো কৰে ৷ এইফালে কালি নিশাৰ পৰা অজস্ৰ পুৰুষ শিৱভক্তই বিভিন্ন বাহনেৰে শৈৱানুষ্ঠান দুখনলৈগৈ ব’ল ব’ম পৰ্ব পালন কৰি বুঢ়াদিয়া নৈৰ পৰা পানীলৈ কুলবিলৰ শিৱালয়, বিল্বেশ্বৰ দেৱালয়, আমনি শংকৰ আশ্ৰমৰ শিৱ মন্দিৰৰ শিৱলিংগত পানী ঢালি পূজা অৰ্চনা কৰে ৷ কুলবিল শিৱালয়ত অহা ৰবিবাৰে নিশা ব’ল ব’ম উৎসৱৰ সামৰনিৰ অনুষ্ঠান কৰিব বুলি উদ্যোক্তা সকলে জানিব দিছে ৷

Related Articles