Breaking

ঘগ্ৰাপাৰত জলজীৱন মিছন আঁচনিৰ নামত ব‍্যাপক খেলিমেলি

0 2,304

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত  কেইঠাইতো জল জীৱন মিছনৰ  কামৰ ব‍্যাপক দুৰ্নীতি -অনিয়ম সংঘটিত হোৱা  অভিয়োগ ৰাজহুৱা হোৱাৰ সময়তে ঘগ্ৰাপাৰ হৰিমন্দিৰ চৌহদত ৰূপায়িত এই আঁচনিখনতো   জনৈক  দাস নামৰ  উপাধিৰ ঠিকাদাৰজনে প্ৰথমৰ পৰা নিজৰ মইমতালিত কাম কৰা ফলত আজি প্ৰায় ছয় মাহে ঘগ্ৰাপাৰ হৰিমন্দিৰকে ধৰি অঞ্চলটোৰ অধিকাংশ ৰাইজে বিশুদ্ধ খোৱা পানী পোৱাৰ পৰা বঞ্চিত হৈছে বূলি ৰাইজৰ  অভিয়োগ উঠিছে।উল্লেখ‍্য যে আঁচনিৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰগৰাকীয়ে পুৰণি চৌহদৰ বেৰ ৰং সানি নতুন ৰূপ দিয়াৰ ওপৰিও অভাৰ হেদ(পানী টেংক) তৈয়াৰতো ব‍্যাপক দুৰ্নীতি আশ্ৰয় লোৱা বুলি ৰাজহুৱা অভিয়োগ উঠিছে। ইফালে বিগত কিছুদিন পুৰ্ব নলবাৰী জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা পিংকু পাঠকে আঁচনি পৰিদৰ্শন কৰি কাম ব‍্যৱহাৰ্য্য সামগ্ৰী নিম্নগামী হোৱাত আঁতৰ কৰাৰ লগতে অভাৰ হেদ (পানী টেংক)ৰ কামটো প্ৰাক্ কলন অনুসৰি তৈয়াৰ নকৰাত ভাঙি দিয়ে।ইফালে আজি ঘগ্ৰাপাৰ হৰিমন্দিৰ  পৰিচালনা সমিতিৰ  সভাপতি প্ৰভাত শৰ্মা -সম্পাদক অৰেন্দ্ৰ দাসসহ কেইগৰাকী লোকে সংবাদ মাধ্যমৰ  আগত ক্ষোভ প্ৰকাশ কৰি ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।লগতে ঘগ্ৰাপাৰ হৰিমন্দিৰ পৰিচালনা সমিতিয়ে শীঘ্ৰে ঘগ্ৰাপাৰ হৰিমন্দিৰকে ধৰি স্থানীয় ৰাইজসকলক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে নলবাৰী জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ বৰমুৰীয়া আৰু নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাক দাবী জনাইছে।

Leave A Reply