Breaking

নাগাৰা নামেৰে জীপাল অসম ভাওনা সমাৰোহৰ ক্ষেত্ৰ

0 53


মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ উদ্যোগত ১৮জানুৱাৰীৰ পৰা অনুষ্ঠিত অসম ভাওনা সমাৰোহৰ-২০২৪ শনিবাৰে তৃতীয় দিন। তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা নাম প্ৰসংগৰ পাছতেই নাগাৰা নাম অনুষ্ঠিত হয়।

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা উদযাপন সমিতিৰ সভাপতি ড পীতাম্বৰ দেৱ গোস্বামীৰ পৰিচালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত প্ৰথমেই নলবাৰীৰ ৰামচৰণ ভাড়ালীয়ে বৰসবাহ(বৰদিহা)ৰ নাম পৰিৱেশন কৰে। ইয়াৰ পাছতেই শ্ৰী শ্ৰী পুনিয়া সত্ৰ দিখৌমুখৰ ডেকা সত্ৰীয়া নীলমনি গোস্বামীয়ে নাগাৰা নাম পৰিৱেশন কৰে। চহা জীৱনৰ দিহানাম পৰিৱেশন কৰে উত্তৰ গুৱাহাটীৰ চক্ৰধৰ ডেকাই।

অনুষ্ঠানতেই টিয়কৰ জয়ন্ত (কমলা) গগৈয়ে নাম পৰিৱেশন কৰে। অনুষ্ঠানতেই ৰামচৰণ ভাড়ালীক নাগাৰা নাম ৰত্ন বঁটা প্ৰদান কৰে সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে। কেশৱ কাকতি আৰু বজেন ভূঞাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদান কৰি সত্ৰাধিকাৰ তথা উদযাপন সমিতিৰ সভাপতি ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে ভাড়ালীয়ে নাগাৰা নামক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰ ভূমিকা লৈ আহিছে বুলি উল্লেখ কৰি তেখেত এজন নাগাৰা নামৰ সাধক বুলি উল্লেখ কৰে।

উপযুক্ত এজন ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে বুলি মতপোষণ কৰে। ১৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহত ভাওনা দৰ্শনৰ বাবে ঘন কুৱালী আৰু শীতকো নেওচি হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰিছে অসম ভাওনা সমাৰোহৰ প্ৰতিখন প্ৰতিযোগিতামূলক ভাওনা। শনিবাৰে বিয়লি ৫ বজাত কলাগুৰু নাট্য গোষ্ঠী, সোণৰঢেঁকী উত্তৰ লক্ষীমপুৰে ৰাম বৈকুণ্ঠ গমন, ৰঘুকুলৰ পতন পৰিৱেশন কৰে। ইয়াৰ পাছতেই দ্বিতীয়খন প্ৰতিযোগিতা মূলক ভাওনা মহাদেৱ নাট্য গোষ্ঠী, যোৰহাট, নল দময়ন্তী আখ্যান পৰিবেশন কৰে। দেওবাৰে অসম ভাওনা সমাৰোহৰ মণিকাঞ্চন ৰংগ ক্ষেত্ৰত দিনত সদৌ সময় মইনা পাৰিজাতৰ উদ্যোগত সদৌ অসম শিশু একক অভিনয় আৰু বক্ততা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

Leave A Reply