অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশনৰ মুকলি সভাত পুৰোধা নাট্যশিল্পী দুলাল ৰয়ক “নাট্য সন্মিলন বঁটা” প্ৰদান…

বিশিষ্ট নাট্য সমালোচক ড০ পোনা মহন্তক “নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা নাট্য সমালোচক বঁটা, প্ৰবীণ আলোক নিয়ন্ত্ৰক শিল্পী তৰুণ নাথক জি এল আগৰৱালা শিল্পী বঁটা (কলাকাৰ বঁটা), নাট্যশিল্পী জ্যোতি নাৰায়ণ নাথক” মহেন্দ্ৰ বৰঠাকুৰ বঁটা “আৰু পংকজজ্যোতি ভূঞাক ভোলা কটকী সোঁৱৰণী বিশ্বৰূপা বঁটা প্ৰদান। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৯ গৰাকী প্ৰবীণ শিল্পীক সম্বৰ্ধনা। তেজপুৰত যোৱা ১৭ জানুৱাৰীৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিবেশনৰ আজি অন্তিম দিনটোৰ মুকলি সভাত ৰাজ্যখনৰ নাটশিল্প ক্ষেত্ৰখনৰ পুৰোধা দুলাল ৰয়ক “নাট্য সন্মিলন বঁটা”, বিশিষ্ট নাট্য সমালোচক, গৱেষক ড০ পোনা মহন্তক “নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা নাট্য সমালোচক বঁটা, বিশিষ্ট নাট্যশিল্পী জ্যোতি নাৰায়ণ নাথক মহেন্দ্ৰ বৰঠাকুৰ বঁটা, তেজপুৰৰ প্ৰবীণ আলোক নিয়ন্ত্ৰক শিল্পী তৰুণ নাথক জি এল আগৰৱালা শিল্পী বঁটা (কলাকাৰ বঁটা) আৰু বিশিষ্ট নাট্যকাৰ, পৰিচালক পংকজজ্যোতি ভূঞাক ভোলা কটকী সোঁৱৰণী বিশ্বৰূপা বঁটা প্ৰদান কৰা হয়। তেজপুৰৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যোতি – বিষ্ণু ক্ষেত্ৰৰ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা মূল মণ্ডপ আৰু নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী মঞ্চত বিয়লিৰ পৰা সভাপতি কুমাৰ দীপক দাসৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাখনত অসম নাট্য সন্মিলনৰ “ৰংগমঞ্চ” শীৰ্ষক মুখপত্ৰ এখনো উন্মোচন কৰি স্বনামধন্য নাট্যশিল্পী দুলাল ৰয়ে ভাষণ প্ৰসংগত ইতিহাস কেতিয়াবা পুন:উল্থাপন হয়, কেতিয়াবা মোহাৰি পেলোৱাৰ প্ৰয়াসো কৰা হয় বুলি কৈ ৬২ বৰ্ষ অতিক্ৰম কৰা অসম নাট্য সন্মিলনৰ ইতিহাসো বৰ্ণিল আৰু বিস্তৃত আৰু এই ইতিহাসৰ কিয়দংশ ধৰি ৰখাৰ প্ৰয়াসৰ নামেই হৈছে ‘ৰঙ্গমঞ্চ’ নামৰ দ্বিবাৰ্ষিক অসম নাট্য সন্মিলনৰ এই মুখপত্ৰখনি।

দুলাল ৰয়ে ভাষণত আৰু কয় – নাট্য সন্মিলনৰ মুল মানুহজন হৈছে এই তেজপুৰৰে কৰিৎকৰ্মা পুৰুষ বিষ্ণু ৰাভা।তেওঁ দাম্ভিক নাছিল কিন্তু প্ৰকৃত শিল্পী আছিল। তেওঁ কোনো অনুষ্ঠানৰ মুখপত্ৰ নাছিল কিন্ত্ত জনগনৰ মুখপত্ৰ আছিল। সাম্প্ৰতিক পৰিস্হিতিত নাটক কোনখন মঞ্চত কৰিব, কেনেদৰে কৰিব, প্ৰকৃত নাটকৰ মঞ্চায়নৰ কলাৰ আয়ত্ব কেৱল অধিবেশন পতাৰ জৰিয়তেই নহ’ব বুলি কৈ ভাল নাটক, বেয়া নাটক আৰু লেজিটিমেট থিয়েটাৰৰ ধাৰণা নাটকৰ চৰ্চাৰ যোগেদিহে সম্ভৱ বুলি মন্তব্য কৰে ।এই কথা শাসনাধীন চৰকাৰখনেও বুজি উঠিব পাৰিব লাগিব।মনস্তত্ত্বিক আৰু আৰ্থ সামাজিক পৰিবৰ্তনৰ বাবে দীঘলীয়া একাংক নাট এখন চোৱাৰ সময় মানুহৰ নোহোৱা হৈছে। গতিকে আমি চুটি নাটকৰ আশ্ৰয় ল’ব পাৰিব লাগিব আৰু তেনেধৰণৰ মঞ্চ তৈয়াৰ কৰিবলৈ আমি সচেষ্ট হ’ব লাগিব। বিশ্ব দৰবাৰ আমাৰ চোতালতে আছে আমি তাক চহাব পাৰিলে আৰু বহু জ্যোতিপ্ৰসাদ, ফণী শৰ্মা, বিষ্ণু ৰাভাক জন্ম দিব পাৰিম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি নৰনাৰায়ণ, চিলাৰায় আৰু চিলাৰায়ৰ সহধৰ্মিণী কমলাপ্ৰিয়াৰ বাবেই মহাপুৰুষ শঙ্কৰদেৱ আমাৰ মাজত আজিও জীয়াই থাকিল বুলি নাট্যজগতৰ পুৰোধা দুলাল ৰয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক গিৰিধৰ ৰয় আৰু অভ্যৰ্থনা সমিতিৰ সভা – সমিতি পৰিচালনা উপ সমিতিৰ সভাপতি পংকজ বৰুৱাই আঁত ধৰা আৰু সত্ৰীয়া শিল্পী নয়নমনি শইকীয়া পৰিচালিত এটি বৰগীতেৰে আৰম্ভ হোৱা মুকলি সভাখনত বঁটা প্ৰাপক বিশিষ্ট নাট্য সমালোচক তথা গৱেষক ড০ পোনা মহন্তই আগবঢ়োৱা ভাষণত মানুহৰ অতিশয় দুখ লাগিলে কথা ক’ব নোৱাৰে থিক তেনেদৰে বৰ বেছি বেদনা লাগিলে কথা ক’মকৈ ওলাই বুলি কৈ আজিৰ এই সময়খিনি মোৰ বাবে তেনে অতিশয় আনন্দৰ মাজত আনন্দশ্ৰু নিগৰাৰ সময়।৬২ বছৰ গৰকা ঐতিহ্যমণ্ডিত নাট্য সন্মিলনে নাট্যকলাৰ এক পৰিক্ৰমা অতিক্ৰম কৰিছে। অসমৰ সমাজ, সংস্কৃতি, সাহিত্যৰ বাবে শুভ ফলদায়ক বতৰা।

নাটক সৃষ্টি, মঞ্চায়নৰ প্ৰকৃত পৰিবেশৰ ৰচনা হওক তাৰেই কামনা কৰিছোঁ বুলি নাটশিল্পৰ উত্তৰণ আৰু বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাইও ভাষণ আগবঢ়োৱা মুকলি সভাখনত নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা বিশিষ্ট মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা তৌফিক ৰহমানে অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিবেশনত এনেদৰে অংশীদাৰ হ’বলৈ পাই পৰম আনন্দ লভিছোঁ বুলি মন্তব্য কৰি শৈশৱ কালৰ সমসাময়িক নাটক সম্পৰ্কে অসমৰ মানুহৰ ধাৰণা সম্পৰ্কে ক’বলৈ গৈ ‘আমি নাটক বিৰুদ্ধ পৰিবেশৰ মাজত কৰিব লগীয়া হৈছিল যিহেতু আমাৰ অভিভাৱকে গতানুগতিক জীৱন ধাৰাত বিশ্বাসী আছিল, আৰু আজিৰ অভিভাৱক যথেষ্ট সচেতন সন্তানৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত সচেতন বুলি মন্তব্য কৰে। ৰূপকোঁৱৰৰ জ্যোতিপ্ৰসাদৰ কালজয়ী সৃষ্টি ৰূপালীমৰ সংলাপৰ লগতে দুৰ্যোধনৰ সংলাপ আওৰাই ৰাইজক সন্মোহিত কৰা ৰহমানে বৰ্তমান ৰূপালীমৰ দৰে কালজয়ী নাটক সৃষ্টিত আমি ব্যৰ্থ হৈছোঁ বুলি মন্তব্য কৰে। ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰতন লহকৰৰ কথা স্মৰণ কৰি আবাহান থিয়েটাৰলৈ তেওঁক লৈ যোৱা আব্দুল মজিদ ডাঙৰীয়া সৈতে তেওঁৰ সান্নিধ্যৰ সোঁৱৰণ কৰে। আবাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰৰ অভিনেতা জীৱনৰ কাহিনী অত্যন্ত সাৱলীলভাবে উপস্হাপন কৰি উপস্হিত বিদ্বৎ সমাজক আমোদ দিয়ে। ‘বিনা যুদ্ধে নিদিও কদাপি সূচাগ্ৰ্য মেদিনী ‘, দ্ৰৌপদী তোমাৰ বস্ত্ৰই হ’ব কৌৰৱ ধ্বসৰ অস্ত্ৰ’ মহাভাৰতৰ দুৰ্যোধন আৰু কৃষ্ণ চৰিত্ৰৰ সংলাপেৰে বিশিষ্ট অভিনেতাগৰাকীয়ে জ্যোতি-বিষ্ণু ক্ষেত্ৰ’ সজীৱ কৰি তোলে। আনহাতে অসম নাট্য সন্মিলনৰ বিভিন্ন মণ্ডলৰ ৯ গৰাকীকৈ প্ৰবীণ শিল্পীক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা মুকলি সভাখনত আমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি তেজপুৰৰ সাংসদ পল্লব লোচন দাসে তেজপুৰত ১৯৯২ চনৰ পিচত স্বগুণেৰে মহিমামণ্ডিত অসম নাট্য সন্মিলনে ৬২ সংখ্যক অধিবেশন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিয়ে যি আগ্ৰহ দেখুৱালে তাৰ বাবে আমি তেজপুৰ তথা শোণিতপুৰবাসী চিৰকৃতজ্ঞ হৈ থাকিম বুলি কৈ তাহানিতে ভৰতৰ নাট্যশাস্ত্ৰই ব্যক্তিসত্বাৰ পৰিবৰ্তনৰ মাজেৰে সামাজিক পৰিবৰ্তনৰ প্ৰয়াস কৰিছিল। মধ্যযুগত অসমত মহাপুৰুষ জনাই নৱবৈষ্ণৱধৰ্মৰ প্ৰচাৰৰ বাবে নাটক বা ভাওনাক এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। দেশৰ সমাজ -সংস্কৃতিৰ পৰিবৰ্তন তথা নৱ্য সমাজ-সংস্কৃতি জন্মৰ ক্ষেত্ৰত নাটকে গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহৃত হৈ আছে। বৰ্তমানে মুখ্যমন্ত্ৰী মহোদয়ে সাংস্কৃতিক মহা সংগ্ৰামৰ সূচনা কৰাৰ দৰে নাটকক লৈও এক সাংস্কৃতিক মহা সংগ্ৰামৰ দৰে কাৰ্যসূচীৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। অভ্যৰ্থনা সমিতিৰ সভাপতি মহেন্দ্ৰ নাথ কেওঁট, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মাণিক গোস্বামী, উপসভাপতি মৃগেন চন্দ্র বড়া, কোষাধক্ষ জয়ন্ত হাজৰিকা, অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ভূপেন শৰ্মা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, হিৰণ্য ভুঞা, নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, সম্পাদক জিন্টু বৰঠাকুৰ আদিৰ উপস্থিতিত মুকলি সভাখনত সম্বৰ্ধনা জ্ঞাপন কৰা ৰাজ্যখনৰ বিভিন্ন স্থানৰ শিল্পী সকল হ’ল – তেজপুৰৰ বিশিষ্ট নাট্যকাৰ ৰাজেন মেধি, বিহপুৰীয়াৰ বিশিষ্ট অভিনেতা হেম চন্দ্ৰ গোস্বামী, পাটী দৰঙৰ বিশিষ্ট নাট্য সংগঠক হাচিৰাম বড়ো, বৰপেটাৰ বিশিষ্ট নাট্যকাৰ – পৰিচালক প্ৰমোদ দাস, টিহুৰ বিশিষ্ট অভিনেতা – পৰিচালক কুমুদ ভট্টাচাৰ্য, তিনিচুকীয়াৰ বিশিষ্ট নাট্য সংগঠক ৰাজীৱ শৰ্মা, ৰহাৰ বিশিষ্ট নাট্যকাৰ – পৰিচালক মাধৱ চন্দ্ৰ নাথ, নলবাৰীৰ বিশিষ্ট নাট্যকাৰ – পৰিচালক ৰমনী বৰ্মন আৰু তেজপুৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰুৱা ।আজিৰ এই মুকলি সভাতে কবিতা আবৃত্তি প্ৰতিযোগিতা, মুকাভিনয় প্ৰতিযোগিতা, একক অভিনয় প্ৰতিযোগিতা, পূৰ্ণাংগ নাট প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰে।


আনহাতে অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিবেশনৰ প্ৰতিনিধি সকলৰ সাধাৰণ বৈঠকে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰে। শিশু নাট সমাৰোহখনি অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী হিচাপে সন্নিবিষ্ট কৰা,
পুৰ্ণাংগ নাট সমাৰোহৰ অনুষ্ঠিত কৰা, অসমৰ বিভিন্ন স্থানত থকা অপেছাদাৰী নাট্যদল বিলাকৰ লগত যোগাযোগ কৰি নাট্যসন্মিলনক অধিক গতিশীল তথা গণমূখী কৰা, আজীৱন সদস্য সকলক লৈ জিলা পৰ্যায় আৰু মাণ্ডলিক পৰ্যায়ত সৌহাদ্যপূৰ্ণ মিলন সমাৰোহ অনুষ্ঠিত কৰা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাবে প্ৰতিটো মণ্ডলৰ পৰা একোজনকৈ সাংগঠনিক সম্পাদক নিৰ্বাচনৰ সিদ্ধান্ত লৈ প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰি শুভেচ্ছামূলক প্ৰস্তাৱ গ্ৰহণ কৰে যে, ৬২ সংখ্যক তেজপুৰ অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সকলো সদস্য তথা তেজপুৰ শাখাৰ সকলো সতীৰ্থৰ, আপ্যায়ন আৰু আদৰণিৰ সন্তুষ্টি হৈ, সকলো প্ৰতিনিধি তথা সভাই ধন্যবাদ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে৷ আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্ত্তমানৰ অসম চৰকাৰে সংস্কৃতিক উত্তৰণৰ বাবে লোৱা অভিলাষী কৰ্মসূচী আৰু কাৰ্যসূচীৰ বাবে অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক অধিৱেশনে মুখ্যমন্ত্ৰীক আন্তৰিক সম্ভাষণ জ্ঞাপন কৰে৷ অসম নাট্য সন্মিলনে লগতে অসমৰ অপেচাদাৰী নাট্য কৰ্মীসকলে সন্মুখীন হৈ থকা বিভিন্ন সদস্যা সমূহৰ পৰা সকলো প্ৰকাৰৰ সকাহ দিব পৰাকৈ এক সুস্থ মঞ্চ নীতি ঘোষণা কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়।

Related Articles