চাৰণ বিলৰ মনোৰম পৰিৱেশত ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকৃতি সজাগতা শিবিৰ, বন ধ্বংসৰ দৰে অবিবেচকী কাম-কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ আহ্বান জিলা আয়ুক্তৰ…

অসম বিজ্ঞান সমিতি, মৰিগাঁও শাখাৰ উদ্যোগত, মৰিগাঁও পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া সন্থাৰ সহযোগত তথা অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা ৰূপায়িত পৰিৱেশ শিক্ষা কাৰ্যসূচীৰ অধীনত আজিৰে পৰা মৰিগাঁও জিলাৰ চাৰণ বিল জলক্ৰীড়া প্ৰকল্পস্থলীত এটা প্ৰকৃতি সজাগতা শিবিৰ অনুষ্ঠিত হৈছে। মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ এই পৰিৱেশ সুৰক্ষা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দুদিনীয়াকৈ অনুষ্ঠিত এই শিবিৰত মৰিগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ইক’ ক্লাৱৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। অনুষ্ঠানৰ শুভ উদ্বোধন কৰি দিয়া ভাষণত জিলা আয়ুক্তগৰাকীয়ে বন ধ্বংসৰ দৰে অবিবেচকী কাম-কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ চাৰিওফালে ব্যাপক পৰিৱৰ্তন হ’বলৈ ধৰিছে।

এনে পৰিৱৰ্তনে যাতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে অশনি সংকেত কঢ়িয়াই নানে, তাৰ বাবে তেওঁ সকলোকে সজাগ হ’বলৈ আহ্বান জনায়। তেওঁ প্ৰকৃতিৰ বিৰুদ্ধে নোযোৱাকৈ থাকি প্ৰকৃতিক বন্ধু হিচাপে গ্ৰহণ কৰি সহাৱস্থান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে প্ৰকৃতি সুৰক্ষা প্ৰতিগৰাকী দায়িত্বশীল নাগৰিকৰ কৰ্তব্য বুলি উল্লেখ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সৰু সৰু কিছুমান অভ্যাসেৰে প্ৰকৃতি সুৰক্ষাৰ বাবে একোগৰাকী জোৱানৰ দৰে কাম কৰি যাবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” শীৰ্ষক গীতটি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সমস্বৰে গাই সকলোকে উৎসাহিত কৰে। অনুষ্ঠানত মৰিগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ডঃ হেমন্ত কুমাৰ নাথ, অসম বিজ্ঞান সমিতিৰ উপ-সভাপতি নিৰোদ বৰা আৰু জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন আদিয়ে ভাষণ দিয়ে। উল্লেখ্য যে এই শিবিৰত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশৰ সৈতে একাত্ম হোৱাৰ সুযোগ লাভ কৰাৰ লগতে পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত অৱগত হ’ব পাৰিব।

Related Articles