Breaking

ডাক বিভাগত চাকৰি! শীঘ্ৰে আবেদন কৰক যোগ্য প্ৰাৰ্থীয়ে…

0 2,103

ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি ষ্টাফ কাৰ ড্ৰাইভাৰ, জেনেৰেল গ্ৰেডৰ পদত নিয়োগৰ বাবে আবেদন পত্ৰ আহ্বান কৰা হৈছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে বিতংভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ভাৰতীয় ডাক বিভাগৰ ৱেবছাইটলৈ গৈ চাব পাৰে। বিজ্ঞপ্তি অনুসৰি, আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে। প্ৰাৰ্থীসকলে ১৫ মাৰ্চ ২০২২ৰ ভিতৰত আবেদন জমা দিব লাগিব। অনলাইনত কৰিব লাগিব আবেদন। অফিচিয়েল বেৱছাইটত উপলব্ধ হ’ব আবেদন পত্ৰ। এই সংক্ৰান্তীয় কোনো সালসলনি থাকিলে নটিফিকেচনৰ জৰিয়তে জনোৱা হ’ব।

প্ৰতিষ্ঠানটোৰ ফালৰ পৰা মুঠ ২৯টা খালী পদ আছে বুলি জনোৱা হৈছে। ইউ আৰত ১৫টা, এছচিত তিনিটা আৰু অ’বিচি বিভাগত মুঠ ৮টা খালী পদত নিয়োগ কৰা হ’ব। ইয়াৰ উপৰি ইডব্লিউএছ কেটেগৰীত তিনিটা পদ আছে। প্ৰাৰ্থীসকলৰ পাতল আৰু গধূৰ যান–বাহন চলোৱাৰ বৈধ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ইয়াৰ উপৰি মটৰ মেকানিজম সম্পৰ্কে জ্ঞান থাকিব লাগিব। কমেও তিনি বছৰৰ পাতল আৰু গধূৰ যান–বাহন চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব। প্ৰাৰ্থী স্বীকৃত ব’ৰ্ড বা ইনষ্টিটিউটৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি, ষ্টাফ কাৰ ড্ৰাইভাৰ পদৰ বাবে আবেদনকাৰীয়ে আবেদন পত্ৰ সঠিক আকাৰৰ মোটা কাগজৰ খামত পঠিয়াব লাগিব আৰু তাত স্পষ্টভাৱে লিখিব লাগিব ‘‘MMS দিল্লীত ষ্টাফ কাৰ ড্ৰাইভাৰ (পোনপটীয়া নিয়োগ) পদৰ বাবে আবেদন’’। স্পীড পোষ্ট বা ৰেজিষ্টাৰ পোষ্টৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব আবেদন পত্ৰ। প্ৰাৰ্থীসকলে এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব আবেদন পত্ৰ– The Senior Manager, Mail Motor Service, C-121, Naraina Industrial Area Phase-I, Naraina, New Delhi-110028।

Leave A Reply