Breaking

ৰাছিয়াৰ আক্ৰমণত পুনৰ নিহত কেইবাগৰাকী ইউক্ৰেইনৰ নাগৰিক…

0 2,030

 অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ।ইয়াৰ মাজতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ এখন শ্বপিং মলত ৰাছিয়াই কৰা বোমা বৰ্ষণৰ ফলত ৬ গৰাকীকৈ লোক নিহত হয়।

সোমবাৰে এই বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পায়।প্ৰকাশ পোৱা তথ্য অনুসৰি মৃতদেহবোৰ বাহিৰত পৰি আছিল। এটা অট্টালিকাত বোমা বৰ্ষণ কৰা হৈছিল আৰু ই ইমানেই শক্তিশালী আছিল যে পাৰ্কিঙত থকা বাহনবোৰ উৰি গৈছিল।

উল্লেখ্য যে, ২৫ দিনৰো বেছি অতিক্ৰম কৰিলে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই। দুয়োখন দেশৰ মাজত কেইবাবাৰো আলোচনা হ’লেও এই পৰ্যন্ত ওলোৱা নাই কোনো সমাধান। যুদ্ধৰ মাজতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

Leave A Reply