Breaking

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত গায়ন-বায়নৰ সমাহাৰ, লোকাৰণ্য পৰিৱেশ, ভক্তিৰসত শংকৰ সংঘৰ হাতীখলা পথাৰ…

0 24

৯৩সংখ্যক ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বিতীয় দিনা ৰঙিয়াৰ ভয়ৰা মৰাণজানাৰ হাতীখলা পথাৰত বৈকুণ্ঠপুৰীত পৰিণত হয় সমন্বয় ক্ষেত্ৰ । সমন্বয় ক্ষেত্ৰত অগণন ভকত-বৈষ্ণৱ, সেৱক আৰু আই-মাতৃসকলৰ মিলনৰ তীৰ্থ ভূমিত পৰিণত হোৱা অধিৱেশনত পুৱাৰে পৰা হৰিনামৰ ধ্বনি, পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগ আদি অনুষ্ঠিত হৈ যায়। তাৰ পিছত পুৱা ৯ বজাত প্ৰতিনিধি সভাকক্ষত জিলা শাখা সমিতিৰ সভাপতি-সম্পাদকসকলৰ সন্মিলন অনুষ্ঠিত হয়। ইফালে এই সন্মিলনৰ পিছতে দিনৰ ১১ বজাত মূল মঞ্চত সাহিত্য শাখা সমিতিৰ মুকলি সভা অনুষ্ঠিত হয়। সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি ড০ জগত চন্দ্ৰ কলিতাই সভাপতিত্ব কৰা বাৰ্ষিক অধিৱেশনৰ মুকলি সভাখন উদ্বোধন কৰে সংঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাঃ সভাপতি ড০ সুৰেশ চন্দ্ৰ বৰাই । অধিৱেশন কি দৰে চলাব লাগে তথা শংকৰ সংঘৰ আচাৰ-ব্যৱহাৰ আদি সকলো দিশ কেৱল অধিৱেশনৰ পৰা শিকিব পাৰি বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই সভাত ভাষণ প্ৰদান কৰে। ইফালে সংঘৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলাৰ অধ্যাপক মৃণাল কুমাৰ বৰুৱাই গুৰুজনাৰ সাহিত্য চৰ্চা জাতীয় দায়িত্ব বুলি গ্ৰহণ কৰিব লাগে আৰু গুৰুজনাক বাদ দি জাতীয় চেতনা অসম্ভৱ। লগতে গুৰুজনাৰ সাহিত্য অনুগামীৰ অনুপ্ৰেৰণা চিৰন্তন বিদ্যমান হৈ থাকিব বুলি উল্লেখ কৰে। সভাত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এটা জাতিক মানৱীয় সভ্যতা, প্ৰমূল্য, ঐক্যবোধ গুৰুজনাই দি থৈ গৈছে । ৰামৰাজ্যৰ সপোন দেখা ভাৰতত গুৰুজনাই ৫০০ বছৰ আগতে প্ৰতিষ্ঠা কৰি থৈ গৈছে । অসমত কেৱল প্ৰেম, ভাতৃত্ববোধ গুৰুজনাই আগবঢ়াই দিছে।

অসমত গুৰুজনাক সংকটত পেলাবলৈ কিছুমান শক্তি মাজে মাজে জাগ্ৰত হয়। যি জাতীয় চেতনা কেৱল গুৰুজনাৰ সত্তা আদিক লৈ গুৰুজনাই দি যোৱা আদৰ্শ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ অৱদানক লৈ বিশদভাৱে আলোকপাত কৰে। আনহাতে, অধিৱেশনত বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সুবোধ চন্দ্ৰ দাস উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ অনুপস্থিত থকাত অধিৱেশনৰ বাবে গুৰুজনাক লৈ এক শুভেচ্ছাবাণী পঠিওৱাত পাঠ কৰি দিয়ে। আনহাতে, সভাত নিৰ্দিষ্ট বক্তাৰূপে চিলাৰায় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ দ্বিজেন্দ্ৰ নাথ ভকতে গুৰুজনাৰ আদৰ্শ আৰু সংস্কৃতিৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰজা নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ ইতিহাসক লৈ এক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। সভাত বিশিষ্ট অতিথি হিচাপে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অমলেন্দু চক্ৰৱৰ্তীকে ধৰি বিধায়ক ভৱেশ কলিতা, সংঘৰ কেইবাগৰাকীও বিষয়ববীয়া, অসম জাতীয় পৰিষদৰ দুলু আহমেদ, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা উপস্থিত থাকে।

Leave A Reply