দীৰ্ঘদিনে পলাই থকা গুৱাহাটীৰ ব্যৱসায়ী CBIৰ জালত। ব্যৱসায়ীজনৰ নাম প্ৰভেশ কাব্ৰা। ইণ্টাৰপ’লৰ সহায়ত CBI-এ গ্ৰেপ্তাৰ কৰিছে ব্যৱসায়ীজনক। বিনায়ক লজিষ্টিক ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সঞ্চালক প্ৰভেশ কাব্ৰা।

গুৱাহাটীৰ ফাঁচীবজাৰত ঘৰ প্ৰভেশ কাব্ৰাৰ। ৰে’ল বিভাগে হেৰুৱাবলগীয়া হৈছিল ৫.১৪ কোটি টকা। ৰে’লত চোৰাংকৈ সামগ্ৰী সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি আমেৰিকাত আত্মগোপন প্ৰভেশ কাব্ৰাৰ।

ইণ্টাৰপ’লে গ্ৰেপ্তাৰ কৰি গতাই দিছে CBIক। বাংগালুৰুত বিমানৰ পৰা নমাৰ লগে লগেই CBIয়ে গ্ৰেপ্তাৰ কৰে প্ৰভেশক।