Breaking

২০২৫বৰ্ষত ডিমাকুছিত অনুষ্ঠিত হ’ব ৬৪ সংখ্যক বড়ো সাহিত্য সভা, উদুলি-মুদুলি ডিমাকুছিৰ বড়ো সাহিত্য সভাৰ বাকৰি…

0 39

বড়ো জনগোষ্ঠীৰ সৰ্ববৃহৎ জাতীয় সংগঠন বড়ো সাহিত্য সভাৰ আগন্তুক ৬৪ সংখ্যক ডিমাকুছি অধিৱেশনৰ আদৰণি সমিতি ডিমাকুছিত এক ৰাজহুৱা সভাৰ জৰিয়তে গঠন কৰা হয় ৷ ২০২৫ বৰ্ষত ওদালগুৰি জিলাৰ ডিমাকুছিত অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক বাৰ্ষিক অধিৱেশন। অধিৱেশনৰ আদৰণি সমিতি গঠনৰ বাবে ২৪ফেব্ৰুৱাৰীত অনুষ্ঠিত ৰাজহুৱা সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱি, দল-সংগঠনৰ ছাত্ৰ নেতা কৰ্মী, বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীকে ধৰি সহস্ৰাধিক লোক উপস্থিত থাকে ৷ ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ সভাপতি মানিক বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখন উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তথা বড়ো ভাষাৰ বিশিষ্ট সাহিত্যক নীলকান্ত গয়াৰীয়ে৷

উদ্বোধনী ভাষণত গয়াৰীয়ে ভাষাক বাদ দি এটা জাতিৰ উত্তৰণ আৰু অস্তিত্ব কেতিয়াও সম্ভৱ নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ বড়ো জাতি ভাষা , সাহিত্য তথা কৃষ্টি – সংস্কৃতিৰে মহীয়ান হোৱা বাবেই বিশ্বৰ বুকুত সাহসেৰে থিয় হ’ৱলৈ সক্ষম হৈছে বুলি কয়। ১৯৫২ চনৰ ১৬ নৱেম্বৰত বড়ো সাহিত্য সভা গঠন নোহোৱা হ’লে বড়ো জাতি কেতিয়াবাই ধ্বংস হ’লহেতেন বুলি উল্লেখ কৰি বড়ো সাহিত্য সভাই বড়ো জাতিৰ ভাষা, সংস্কৃতিৰ উত্তৰণৰ বাবে সৰ্বোচ্চ উজাৰি দিয়া বুলি কয় ৷ ২০২৫ চনত ডিমাকুছিত হ’ৱলগীয়া বড়ো সাহিত্য সভাৰ অধিৱেশনে ইতিহাস ৰচিব বুলি আশা প্ৰকাশ কৰে৷ সভাত ভাষণ দি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অধিৱেশনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অগনণ লোক উপস্থিত থকাৰ উপৰিও দেশৰ প্ৰধানমন্ত্ৰীকো আমন্ত্ৰণ জনাব বুলি প্ৰকাশ কৰে৷ সভাত বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰথ নাৰ্জাৰী , প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী , বিটিচিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়ো , বিটিচিৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়ো, ডিমাকুছি মহাবিদ্যালয়ৰ অধ্যক্ষ জৌংখাৰ খুংগুৰ বসুমতাৰী , শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শীতেশ্বৰ শৰ্মা, বৰ্তমানৰ অধ্যক্ষ মেদিনী বড়া , টংলা মহাবিদ্যালয়ৰ প্ৰবক্তা কৃষ্ণকান্ত বসুমতাৰীকে ধৰি বহুসংখ্যক জ্যেষ্ঠ নাগৰিক , এবছুৰ নেতৃত্বকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ বহু সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে৷ সভাত অধিৱেশনৰ বাবে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সভাপতি , বিটিচিৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়োক কাৰ্যকৰী সভাপতি আৰু জোশ্ৰাং বড়োক মুখ্য আহ্বায়ক হিচাপে লৈ মূল আদৰণি সমিতিখনৰ লগতে প্ৰায় ২৫ খনৰো অধিক উপ-সমিতি গঠন কৰা হয় ৷

Leave A Reply