Breaking

দুদিনৰ পিছত আৰম্ভ হ’ব উত্তৰ-পূব পৰ্যটনৰ বাবে প্ৰথম ভাৰত গৌৰৱ ৰে’ল!

0 63

দুদিনৰ পিছত আৰম্ভ হ’ব উত্তৰ-পূব পৰ্যটনৰ বাবে প্ৰথম ভাৰত গৌৰৱ ৰে’ল!এই তাৰিখৰ পৰা আৰম্ভ হ’ব উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰ্যটনৰ বাবে প্ৰথমখন ৰে’ল।ভাৰত গৌৰৱ ডিলাক্স এচি পৰ্যটন ৰে’লযোগে ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহ অন্বেষণ কৰিবলৈ ভাৰতীয় ৰে’লৱেই ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ অন্বেষণ কৰিবলৈ বিশেষভাৱে ডিজাইন কৰা ভ্ৰমণ পৰিচালনা কৰিব। অহা ২১ মাৰ্চৰ পৰা দিল্লী চফদৰজং ৰেল ষ্টেচনৰ পৰা আৰম্ভ হ’বলগীয়া এই ৰে’ল ভ্ৰমণে অসমৰ গুৱাহাটী, শিৱসাগৰ, ফুৰকাটিং আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা আৰু মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জীক ১৫ দিনৰ ভ্ৰমণত সামৰি ল’ব।এন এফ ৰে’লৱেৰ চি পি আৰ অ’ সব্যাসচী দে কয় যে, “২০২৩ চনৰ ২১ মাৰ্চৰ দিনা ১৫:২০ বজাত দিল্লী চফদাৰজং ষ্টেচনৰ পৰা ০০৪১২ নম্বৰৰ ভাৰত গৌৰৱ ডিলাক্স এ চি টুৰিষ্ট ৰে’লখন যাত্ৰা কৰিব।”

“গাজিয়াবাদ, আলিগড়, টুণ্ডলা, ইটাৱা, কানপুৰ আৰু লক্ষ্ণৌ ষ্টেচনত পৰ্যটকে বৰ্ড আৰু ডি-বৰ্ড কৰিব পাৰিব। ১৪ নিশা ১৫ দিন ধৰি চলি থকা এই ৰেলখনৰ প্ৰথম ষ্টপেজটোৱে ২০২৩ চনৰ ২৩ মাৰ্চত গুৱাহাটী পাব, য’ত পৰ্যটকে কামাখ্যা ভ্ৰমণ কৰিব।” মন্দিৰৰ পিছত উমানন্দ মন্দিৰ আৰু ব্ৰহ্মপুত্ৰত সূৰ্যাস্তৰ দৰ্শন কৰিব ।’- সব্যাসচি দেয়ে এইদৰে মন্তব্য় কৰে।

“এই ৰে’লখনে আৰু ৰাতিৰ যাত্ৰাত যাত্ৰা কৰি ২০২৩ চনৰ ২৫ মাৰ্চত নাহৰলাগুন ৰে’লৱে ষ্টেচনত উপস্থিত হ’ব, যিটো পৰৱৰ্তী গন্তব্যস্থান অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত। তাৰ পিছত উপস্থিত হ’ব শিৱসাগৰ।” শিৱসাগৰৰ বিখ্যাত শিৱদোল অন্যান্য ঐতিহ্য ক্ষেত্ৰৰ উপৰিও ভ্ৰমণসূচীৰ এটা অংশ।ইয়াৰ উপৰিও যোৰহাটৰ চাহ বাগিচা আৰু কাজিৰঙাত ৰাতিটো থকাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুৱাৰ জংঘল ছাফাৰীলৈ যাব পৰ্যটকসকল।’লগতে তেওঁ কয়, “ইয়াৰ পিছত ২০২৩ চনৰ ২৭ মাৰ্চত ফৰ্কাটিং ৰে’লৱে ষ্টেচনৰ পৰা ডিলাক্স এচি টুৰিষ্ট ৰে’লখনে ত্ৰিপুৰা ৰাজ্যলৈ ৰাওনা হ’ব য’ত বিখ্যাত উজ্জয়ন্ত প্ৰাসাদকে ধৰি বিখ্যাত ঐতিহ্য ক্ষেত্ৰ উনাকোটি আৰু আগৰতলাৰ দৰ্শন হ’ব।”

Leave A Reply