Breaking

পশ্চিম ঢকুৱাখনা পঞ্চায়তত দৰিদ্ৰক বঞ্চিত কৰি আঢ্যৱন্তক অৰুণোদয়ৰ সুবিধা; ক্ষুব্ধ মহিলাৰ প্ৰতিবাদ

0 60

১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টি অন্তৰ্গত পশ্চিম ঢকুৱাখনা গাওঁপঞ্চায়তত অৰুণোদয় আঁচনি আবন্টনত সভাপতি আৰু ৱাৰ্ড মেম্বাৰে ব্যাপক অনিয়ম কৰাৰ লগতে আঁচনিত নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰতিগৰাকী মহিলাৰ পৰা ২০০/২৫০ টকাকৈ লৈও নিদিয়াৰ অভিযোগ আঁচনিৰ সুবিধা।

ক্ষুব্ধ মহিলাসকলে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ মাজ জালভাৰীৰ ৱাৰ্ড মেম্বাৰ
তৰুণ শইকীয়াই এজন শৰ্মা উপাধিৰ বিজেপি নেতাৰে মিলি এই অনিয়ম কৰিছে।

প্ৰকৃত দৰিদ্ৰ আৰু ৭০/৮০ বছৰীয়া অকলশৰীয়া আইতাক বঞ্চিত কৰি ৱাৰ্ড মেম্বাৰে নিজৰ পত্নীৰ লগতে পৰিয়ালৰ আত্মীয়ৰ নামহে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰি দিছে ধন।

উল্লেখ্য যে কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী আৱাসগৃহ আবন্টনৰ ক্ষেত্ৰতো খেলিমেলি কৰাৰ অভিযোগ উঠিছিল ৱাৰ্ড মেম্বাৰ তৰুণ শইকীয়াৰ বিৰুদ্ধে।

অভিযোগ-পশ্চিম ঢকুৱাখনা পঞ্চায়ত সভাপতি, সচিব,কাউন্সিলাৰ আৰু ৱাৰ্ড মেম্বাৰ সকলো মিলি বাৰে বাৰে অনিয়ম দুৰ্নীতি সংঘটিত কৰি আহিছে যদিও কোনো ব্যৱস্থা কৰা নাই প্ৰশাসনে।

Leave A Reply