Breaking

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ মধ্যকালীন পাৰখোৱা অধিৱেনৰ শুভাৰম্ভ, স্মৃতিগ্ৰন্থ ‘মিৰচেকচ’ উন্মোচন…

0 86

পাদপ্ৰদীপৰ অন্ধকাৰত লুকাই থকা প্ৰতিভাসম্পন্ন কবিসকলক একেখন মঞ্চতে একত্ৰিত কৰি এক সুস্থ কাব্যিক পৰিমণ্ডল সৃষ্টি কৰাৰ মানসেৰে পৃথিৱীৰ কবি ৰাম গগৈৰ প্ৰচেষ্টাত বহু কেইগৰাকী কাব্য মনিষীৰ সহযোগত ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত কাব্যনগৰী নামৰূপত কেৱল কবি আৰু কবিতাৰ বাবে জন্ম লাভ কৰা ‘সদৌ অসম কবি সন্মিলন’ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ বৃহত জাতীয় কাব্য সংগঠন। প্ৰতিষ্ঠা কালৰে পৰা এই বৃহৎ জাতীয় অনুষ্ঠানটিয়ে সুদীৰ্ঘ ছয়ত্ৰিছটা বছৰে অসমৰ কাব্য জগতত ভিন ভিন কাৰ্যসূচী সম্পাদন কৰি কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। সেই অনুসৰি আজিৰে পৰা প্ৰাকৃতিক শোভাৰ ৰম্যভূমি আকাশীগঙ্গাৰ পবিত্ৰ ধামত সদৌ অসম কবি সন্মিলনৰ সপ্তদশ মধ্যকালীন পাৰখোৱা অধিৱেন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰাই, পুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰে আদৰণী সমিতিৰ সভাপতি সূচন্দ্ৰনাথ বায়নে, পুৱা ৯:১৫ বজাত গছপুলি ৰোপণ কৰে আকাশীগঙ্গা শিৱ থান উন্নয়ন সমিতিৰ সভাপতি মিলাৰাম দেউৰীয়ে, পুৱা ৯:২৫ বজাত গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে পাৰখোৱা শাখা কবি সন্মিলনৰ সভাপতি অৰুণী ডেকা বৰাই, পুৱা ৯:৩০ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী ৰাতুল ভঁৰালীয়ে, সন্মিলনৰ প্ৰাক্তন সভাপতিদ্বয় প্ৰেম গগৈ, ড° মানিক শইকীয়া, উপ-সভাপতি উজ্জ্বল পাওগাম, দিলীপ কুমাৰ শৰ্মা, ড° লখিমী গগৈ, সন্মিলৰৰ কোষাধ্যক্ষ বিজয় কুমাৰ স্বৰ্ণকাৰ উপস্থিত থকা পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা স্বৰ্গীয় লক্ষ্মীপ্ৰসাদ মেচ সোঁৱৰণত গ্ৰন্থ উন্মোচনী সভাত অধিৱেশনৰ ‘মিৰচেকছ’ উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড° মানিক শইকীয়া আৰু নীলকান্ত শইকীয়াই। কাৰ্বি আংলং জিলা কবি সন্মিলনৰ মুখপত্ৰ ‘হিৰজিৰ’, অৰুণী ডেকা বৰাৰ কাব্য সংকলন ‘ভাৱনাৰ সমাহাৰ’, গৌতম বিকাশ মেচৰ ‘Erato’s Ink’, দিগম্বৰ হাজৰিকা আৰু কিৰণ মেধিৰ কাব্য সংকলন ‘দুপাখি হিয়াৰ সোণোৱালী ছাঁ’, স্বপ্না দেৱীৰ কাব্য সংকলন ‘নদী একেখনেই’ উন্মোচন কৰা হয়।

পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা আজীৱন, হিতৈষী আৰু সতীৰ্থ কবি সন্মিলনখনি সঞ্চালনা কৰে কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সভাপতি ছাৰেৎ হান্সে আৰু উদ্বোধন কৰে সন্মিলনৰ প্ৰাক্তন সভাপতি নীলকান্ত শইকীয়াই। শতাধিক কবিয়ে অংশগ্ৰহণ কৰা বিশেষ কবি সন্মিলনখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ ডিজিটেল উপ-সমিতিৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকা, প্ৰাক্তন প্ৰধান সম্পাদকদ্বয় দেৱজিত কুমাৰ দত্ত, হেমনাৰায়ণ দত্ত, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ কুমাৰ হাজৰিকা, মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকা, শিৱসাগৰ জিলা কবি সন্মিলনৰ সভাপতি মুকুল নাথ, যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ড° পৰাণ বৰুৱা, শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি স্বপন মৈত্ৰ আৰু কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি প্ৰাক্তন সম্পাদক মৌচুম বুঢ়াগোহাঁয়ে। দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি উদ্বোধন কৰে সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা উৎপল দলে আৰু আদৰণি ভাষণ আগবঢ়ায় কাৰ্বি আংলং জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ভৱপ্ৰসাদ দেউৰীয়ে। বিয়লি ২:৩০ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। বিয়লি ৩:৩০ বজাৰ পৰা অনুষ্ঠিত বহুভাষিক কবি সন্মিলনখনি সঞ্চালনা সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়াই আৰু উদ্বোধন কৰে সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যক ঋতুৰাজ বসুমতাৰীয়ে। সন্ধ্যা ৫ বজাত সমূহীয়া বন্তি প্ৰজ্জ্বলনেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰে।


Leave A Reply