Breaking

কামৰূপ জিলাত ভোটাৰ সজাগতাৰ বাবে বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপৰ উদ্বোধন…

0 10

আগন্তুক লোকসভা নিৰ্বাচনত ভোটাৰ সজাগতা বৃদ্ধি আৰু ভোটদান প্ৰক্ৰিয়াত সৰ্বাধিক ভোটাৰৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কীৰ্তি জল্লী আৰু অধ্যাপক পৰমেশ্বৰ কে. আয়াৰে আজি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপৰ উদ্বোধন কৰে। ভোটাদাতাসকলৰ মাজত, বিশেষকৈ এইবাৰ প্ৰথমবাৰৰ বাবে ভোটদান কৰিলগীয়া ভোটদাতাসকলক ভোটদান প্ৰক্ৰিয়াৰ সৈতে সুপৰিচিত কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসনে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ সহযোগিতাত এই বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপ প্ৰস্তুত কৰি উলিওৱা ইছে।আজি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপৰ উদ্বোধন কৰি জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে কয় যে কেতবোৰ পিছপৰা তথা দুৰ্গম এলেকাত বিভিন্ন কাৰণত ভোটদাতাসকলে ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) ব্যৱহাৰ কৰিবলৈ দ্বিধাবোধ কৰা দেখা যায়। এই প্ৰতিৰূপ ইউনিটসমূহে এনে ভোটদাতাসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি আৰু ভোটদান প্ৰক্ৰিয়াত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ দিশত এক ফলপ্ৰসূ সজাগতাৰ আহিলা ৰূপে কাম কৰিব। ভাৰতীয় নিৰ্বাচন আয়োগে ভোটদানত ব্যৱহাৰ কৰা বেলট ইউনিটৰ আৰ্হিত প্ৰস্তত কৰি উলিওৱা বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপত প্ৰতীকীৰূপত প্ৰাৰ্থীৰ নাম আৰু চিহ্ন উল্লেখ কৰা হৈছে।

এটা মোবাইলৰ সম আকাৰত প্ৰস্তুত কৰি উলিওৱা এই ইউনিট সমূহ পুনঃব্যৱহাৰযোগ্য সামগ্ৰীৰে নিৰ্মিত কৰা হৈছে যাতে নিৰ্বাচনৰ পিছত এইসমূহ আন সামগ্ৰী নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই অভিনৱ পদক্ষেপে দেশত ৩ডি মুদ্ৰণ প্ৰযুক্তি জনপ্ৰিয় কৰি তুলি দেশখনক ইয়াৰ এক প্ৰধান উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বুলিও আশা কৰা হৈছে। জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে ভোটাৰ সজাগতাৰ বাবে ভাবি উলিওৱা এই অভিনৱ প্ৰতিৰূপ বেলট ইউনিট আই আই টিৰ ডিজাইন বিভাগৰ সহকাৰী অধ্যাপক ড০ অজিত কুমাৰৰ নেতৃত্বত গুৱাহাটী আই আই টিৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত প্ৰস্তুত কৰি বাস্তৱ ৰূপ দিছে। উল্লেখ্য যে এই ইউনিট সমূহ FDM (Fused Deposition Modeling) প্ৰযুক্তিৰ সহায়ৰে আৰু বহনক্ষম আৰু জৈৱ-অনুকূল পলী লেক্টিক এচিদৰ ব্যৱহাৰৰে প্ৰস্তত কৰা হৈছে। ড° কুমাৰে কয় যে এই সমগ্ৰ ধাৰণাটো ২৪ ঘণ্টাৰ ভিতৰতে বিকশিত কৰা হৈছিল আৰু প্ৰতিটো ইউনিট তেওঁৰ ইলেক্ট্ৰনিক সামগ্ৰী ডিজাইন বিভাগৰ ছাত্ৰ-ছাত্ৰী জয়েশ বিশ্বকৰ্মা, দক্স শৰ্মা, সৰিত ৰাজৰ সহযোগিতাত ৩-৪ ঘণ্টা সময়ৰ ভিতৰত মুদ্ৰণ কৰি উলিওৱা হৈছে। উল্লেখ্য যে এই ৩ ডি প্ৰতিৰূপ বেলট ইউনিটত প্ৰতীকীৰূপত প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ উল্লেখ থকাৰ লগতে কোনো প্ৰাৰ্থীৰ বিপৰীতে থকা বুটামত টিপিলে প্ৰকৃত বেলট ইউনিটৰ দৰে এক শব্দৰো সৃষ্টি হয়।


আইআইটি-গুৱাহাটীৰ জনসম্পৰ্ক, ব্ৰেণ্ডিং আৰু ৰেংকিঙৰ ডীন অধ্যাপক পৰমেশ্বৰ কে আয়াৰে ৩ডি মুদ্ৰণৰ ক্ষেত্ৰত সাম্ভাব্য প্ৰযুক্তিগত উত্তৰণৰ লগতে জিলা প্ৰশাসনৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য আগবঢায়। বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপে ভোটদাতাৰ মাজত নিৰ্বাচনী সজাগতা বৃদ্ধিৰ লগতে উদ্ভাৱনীমূলক প্ৰযুক্তিৰে ভৱিষ্যতে নাগৰিকৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ বৃদ্ধিৰ দিশত ন ন ব্যৱস্থা প্ৰৱৰ্তনৰ বাট মুকলি কৰিছে। “বেলট ইউনিটৰ আৰ্হিত প্ৰস্তুত কৰি উলিওৱা ৩ ডি প্ৰতিৰূপ ইউনিট ব্যৱহাৰ কৰি মই ভোটদান কৰাৰ দৰে অনুভৱ কৰিছো । মই এতিয়া অধিক আত্মবিশ্বাসেৰে ৭ মে’ত ভোটদান কৰিবলৈ যাব পাৰিম”, এইবাৰ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ সাজু হোৱা জ্যোতিকা দাসে আজি এইদৰে কয়। “যদিও মই পূৰ্বে ভোটদান কৰিছো, কিন্তু বহুদিনৰ ব্যৱধানৰ পিছত আজি এই বেলট ইউনিটত ভোটদান কৰি মই নিজকে ভোটদান প্ৰক্ৰিয়াৰ সৈতে পুনৰ পৰিচিত কৰাৰ সুযোগ লাভ কৰিলো”। কামৰূপ জিলা প্ৰশাসন আৰু আই আই টি গুৱাহাটীৰ এই যৌথ প্ৰচেষ্টাই প্ৰযুক্তিগত, সৰ্বাংগীন আৰু তথ্যভিত্তিক নিৰ্বাচনী পদ্ধতিৰ প্ৰতি দায়বদ্ধতাক সূচায়। উদ্বোধনী অনুষ্ঠানত কামৰূপৰ জিলা উন্নয়ন আয়ুক্ত আৰু পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ ন’ডেল বিষয়া সুশান্ত কুমাৰ দত্ত, কামৰূপ অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱা, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিথিংগা দৈমাৰী, বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) আৰু SVEEP কোষৰ সহকাৰী বিষয়া সোমা ৰয় উপস্থিত থাকে।

Leave A Reply