গোসাইগাঁৱৰ ছেৰফাংগুৰীত অমৃত সৰোবৰ আঁচনি উদ্বোধন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে আজি গোসাইগাঁও উন্নয়ন খণ্ডড অধীনস্থ ছেৰফাংগুৰী গাঁৱত প্ৰায় বাইশ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হবলগীয়া অমৃত সৰোবৰ আঁচনিৰ উদ্বোধন কৰা হয় ৷ছেৰফাংগুৰিস্থিত আনএম্পয়েড ইউথ পিচকী কালচাসহ অৰ কোঅপাৰেটিভ চছাইটি লিমেটেড নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আয়োজিত অমৃত সৰোবৰ আঁচনিৰ উদ্বোধন কৰে গাঁওখনৰ জেষ্ঠ্য নাগৰিক তথা বিশিষ্ট সমাজ কৰ্মী মনোৱাৰ হোসেন ভূঞাই ৷

আঁচনি বিষয়ে বিস্তাৰিত ভাৱে ৰাইজক অৱগত কৰে ধাউলিগুৰী ভি চি ডি চিৰ সভাপতি অশোক কুমাৰ বসুমাতাৰীয়ে ৷এইখন গাঁৱত দীৰ্ঘদিনৰ পৰা মৎস্য পালন কৰা কামৰাংগা বিলৰ উৎকৰ্ষ সাধনৰ বাবে প্ৰধান মন্ত্ৰীৰ অমৃত সৰোবৰ আঁচনি ইয়াত সঠিকভাৱে ৰূপায়িত হলে অঞ্চলটোৰ নিবণুৱা সকলে আৰ্থিক দিশত যথেষ্ট উপকৃত হব বুলি মন্তব্য কৰে অনুষ্ঠানটোৰ মুখ্য অতিথি তথা গোসাইগাঁও উন্নয়ণ খণ্ড বিষয়া দেৱা বসুমাতাৰীয়ে ৷উক্ত অনুষ্ঠানত বেচৰকাৰী সংস্থাটোৰ সভাপতি ৰফিকূল ইছলাম ,সম্পাদক ৰুহুল আমিন ,ছেৰফাংগুৰী ভি চি ডি চিৰ সভানেত্ৰী হাফিজা খাতুন সহ গাঁৱৰ জেষ্ঠ্য নাগৰিক সকলৰ লগতে উন্নয়ন খণ্ডৰ বিষয়া বৰ্গ উপস্থিত আছিল ৷

গোসাইগাঁওৰ পৰা আজিজুল হকৰ ৰিপৰ্ট

Related Articles