চছলত কলা ভাস্কৰ্য শিক্ষানুষ্ঠানৰ শুভাৰম্ভ…

শিল্পীজন সহজ অৰ্থত এজন সাধাৰণ মানুহ ৷ অভাৱত জৰ্জৰিত, ভোক-পিয়াহত কষ্ট, ৰোগত পিড়িত এগৰাকী সাধাৰণ ব্যক্তি। কিন্তু শিল্পীজনে নিজৰ শিল্প প্ৰতিভাৰে এজন অসাধাৰণ ব্যক্তিলৈ ৰূপান্তৰিত হয়। শিল্পীজনে নিজস্ব দৃষ্টিভংগীৰে সৃষ্টি কৰ্মত জড়িত হৈ এক নতুনত্বৰ সৃষ্টি কৰে ৷ শিল্পীজনে নিজস্ব প্ৰতিভাৰে সমাজত এক সুকীয়া আসন লাভ কৰে ৷ শিল্প কলাৰ উত্তৰণৰ বাবে চছল নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্বোধনী ভাষনত এই মন্তব্য আগবঢ়ায়৷ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সত্যৰঞ্জন পেগু, অৱসৰপ্ৰাপ্ত কৃষি বিষয়া তথা অসম ৰাজ্যিক উদ্যান সমিতিৰ সভাপতি ড° মঞ্জুৰা মোহন কলিতা, নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সামাজিক সভাপতি অপূৰ্ব চৌধাৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য অজিত তামুলী, বিদ্যালয়ৰ প্ৰধান শিক্ষক অবনী শৰ্মা, জেষ্ঠ্য চিত্ৰকলা শিল্পী ভুপাল চক্ৰৱৰ্তী, কলা শিক্ষক শতদ্ৰু চৌধুৰী, ভৈৰৱ মেধী, স্থানীয় সমাজ সংগঠক প্ৰশাল্ত শইকীয়া , ধীৰেন ৰাভা আদি ব্যক্তিসকল উপস্থিত থাকি চিত্ৰ ভাস্কৰ্য বিষয়ক বক্তৃতা প্ৰদান কৰে।

চিত্ৰ ভাস্কৰ্য বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা সভাত উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে বিদ্যালয়খনৰ প্ৰধান অধ্যাপিকা জোনাকী কলিতা তালুকদাৰ ৷ ইতিমধ্যে ইণ্ডিয়া বুক, এছিয়া বুক, লণ্ডন বুক অৱ ৰেকৰ্ডত বেছি বিষয়ত শিক্ষাদান কৰা বিদ্যালয় হিচাপে নাম অন্তভুৰ্ক্ত হোৱা আনুপূৰ্বিক চিত্ৰ ভাস্কৰ্য বিদ্যালয়ৰ তত্ত্বাৱধানত পৰিচালিত হোৱা বিদ্যালয়খনৰ পাঠ্যক্ৰম প্ৰতি সপ্তাহৰ ৰবিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা ১২:৩০ বজালৈ পাঠদান হ’ব বুলি বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ ফালৰ পৰা জানিবলৈ দিয়ে।

Related Articles