Breaking

বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কম্পিউটাৰ পৰীক্ষাগাৰ আৰু সংহত বিজ্ঞানগাৰ ভৱনৰ উদ্ধোধন

0 2,071

নগাঁও জিলাৰ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত কম্পিউটাৰ পৰীক্ষাগাৰ আৰু সংহত বিজ্ঞানাগাৰ ভৱনটি আজি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অন্তৰ্গত আন্তঃগাঁথনি পুঁজিৰে নিৰ্মিত উক্ত ভৱনটোৰ উদ্ধোধন কৰাৰ পিছতেই শিক্ষানুষ্ঠানখনত এখন সভা অনুষ্ঠিত হয়।অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৰেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক জিতু গোস্বামীয়ে কয়-বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন শ্বহীদৰ স্মৃতিত স্থাপন কৰা হৈছে।এই শিক্ষানুষ্ঠানখনৰ ইতিহাস আছে।এই বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি বিশ্বৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বহু ছাত্ৰ ছাত্ৰী প্ৰতিষ্ঠিত হৈছে।কিন্তু বৰ্তমান শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি অতিকৈ শোচনীয়।গতিকে বিদ্যালয়খনৰ সামগ্ৰিক উন্নয়ন সাধন কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু বিধায়ক হিচাপে আমাৰ যথেষ্ট কৰণীয় আছে।বিদ্যালয়ৰখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নলিনী কুমাৰ বৰাই উদ্দেশ্য বাখ্যা কৰা আৰু শিক্ষক মন্টু মহন্তই আঁত ধৰা সভাখনত বিধায়ক গোস্বামীয়ে ভাষণত বিদ্যালয়খনৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ আৰু চৌহদ উন্নয়নৰ বাবে বিধায়কৰ উন্নয়ন পুঁজিৰ পৰা ৬ লাখ টকাৰ অনুদান আগবঢ়োৱা হব বুলি ঘোষণা কৰাৰ লগতে পৰৱৰ্তী সময়ত ঐতিহ্য মণ্ডিত শিক্ষানুষ্ঠানখন বিধায়কৰ মডেল স্কুল হিচাপে উন্নীতকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।সভাখনত বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ নন্দিতা ভূঞাই বিগত কাৰ্যকালৰ শিক্ষানুষ্ঠানখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে নতুনকৈ নিৰ্মান কৰা কম্পিউটাৰ পৰীক্ষাগাৰ আৰু বিজ্ঞানাগাৰটোৰ পৰা ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণ কৰি যথেষ্ট উপকৃত হব বুলি মন্তব্য কৰাৰ লগতে বিদ্যালয়খনত থকা বিভিন্ন সমস্যাৰাজিৰ বিষয়ে বিধায়কৰ দৃষ্টিগোচৰ কৰে।সভাত বাৰগঞা সমাজৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক দয়াৰাম কলিতা,সাংবাদিক অপূৰ্ব হাজৰিকাই ভাষণ প্ৰদান কৰে।বিদ্যালয়খনৰ শিক্ষক প্ৰভাত বৰাই শলাগৰ শৰাই আগবঢ়োৱা  সভাখনত বিদ্যালয় পৰিচালনা আৰু  উন্নয়ন সমিতিৰ উপ সভাপতি মনোজ ভূঞা,বাৰগঞা সমাজৰ সম্পাদক তথা সমাজকৰ্মী ৰমেশ হাজৰিকা,বঢ়মপুৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰীনা দাস বৈষ্ণৱ,বঢ়মপুৰ গাঁও পঞ্চায়তৰ সভাপতি কুশল বৰা প্ৰমুখ্যে বহু গৰাকী গণ্য মান্য বক্তি উপস্থিত আছিল।

Leave A Reply