Breaking

মৈৰাবাৰী পদপথত পুথিভঁৰালৰ শুভ উদ্বোধন…

0 27

মৰিগাঁও জিলাৰ মৈৰাবাৰী বিদ্যানগৰ পথত শুক্ৰবাৰে এটা পুথিভঁৰালৰ শুভ উদ্বোধন কৰা হয়। গ্ৰন্থ,পুথি আৰু কিতাপ পঢ়ুৱৈসকলৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি মৈৰাবাৰীৰ শিক্ষিত যুৱক আবুল হুছেইনৰ একত্ব উদ্যোগত কিতাপ পঢ়ি ভালপোৱা সকলৰ বাবে পথৰ কাষত পদপথত পুথিভঁৰাল নামেৰে পুথিগৃহটি স্থাপন কৰা হয়। মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত অৱস্থিত উক্ত পুথিভঁৰালটোৰ শুভ উদ্বোধনি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী মহাবিদ্যালয়ৰৰ অধ্যক্ষ ৰিয়াজুল হক।

আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰ, মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক মইদুল ইছলাম,জ্যেষ্ঠ সাংবাদিক বদৰুজ জামান আকতাৰ,যুৱ সাংবাদিক আবু হানিফ, ফকৰুল ইছলাম,ভাৰত স্কাউড এণ্ড গাইডৰ জিলা সম্পাদক আজহাৰ উদ্দীন,এম লাইভ অসম নিউজ পৰ্টেলৰ স্বত্বাধিকাৰ মোজাফৰ আলি, মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা কবি মূহম্মদ আফজলকে আদি কৰি অঞ্চলটোৰ কেইবাজনো গণ্য মান্য ব্যক্তি। শিক্ষিত যুৱক আবুল হুছেইনৰ এনে প্ৰচেষ্টাক মৈৰাবাৰী অঞ্চলৰ শিক্ষিত সমাজে ভূয়সী প্ৰশংসা কৰিছে।

Leave A Reply