Breaking

ভক্তৰ বাবে বিশেষ সুবিধাৰ নতুন ব্যৱস্থাৰ শুভাৰম্ভ

0 34

কেন্দ্ৰীয় চৰকাৰৰ সামগ্ৰী আৰু সেৱাৰ কৰ বিভাগৰ তেজপুৰস্থ কৰ আয়ুক্ত কায্যালয়ৰ দ্বাৰা জনকল্যাণমুখী আঁচনিৰ অধীনত ৩ লাখ টকা ব্যয়ৰে তেজপুৰৰ শ্ৰীশ্ৰীমহাভৈৰৱ মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ বাবে নৱ নিৰ্মিত এটি সুন্দৰ জোতা চেন্দেল গৃহৰ শুকুৰবাৰে এক মাংগলিক পৰিৱেশত শুভ উদ্বোধন কৰে শোনিতপুৰৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই৷

এইঅনুষ্ঠানত বিভাগৰ আয়ুক্ত ৰাজীৱ ৰঞ্জন মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিভাগে অসমৰ বিভিন্ন প্ৰান্তত লোৱা জনকল্যাণমুখী আঁচনি প্ৰকল্পৰ সবিশেষ ব্যাখ্যা কৰে আৰু এই সুবিধা প্ৰদানৰ বাবে মন্দিৰ সমিতিক ধন্যবাদ জনাই৷ অনুষ্ঠানত কেন্দ্ৰীয় সেৱাকৰ বিভাগৰ তেজপুৰৰ অতিৰিক্ত আয়ুক্ত থমাছ বসুমতাৰী আৰু সহকাৰি আয়ুক্ত আলোক কুমাৰ উপিস্থিত থাকি বিভাগৰ তৰফৰ পৰা প্ৰথমে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দেৱ কুমাৰ মিশ্ৰ আৰু সম্পাদক হিৰণ্য ভুঞা প্ৰমুখে মূল পুৰোহিতক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনাই৷

অনুষ্ঠানৰ পিছতে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ বিভাগৰ আয়ুক্ত ৰাজীৱ ৰঞ্জনে দেৱালয়ত চলি থকা অতিথি গৃহ আৰু দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে বিশুদ্ধ খোৱাপানীৰ আঁচনিখনৰ অগ্ৰগতিৰো বুজলয় আৰু ভৱিষ্যত তেজপুৰক ধৰ্মীয়সাংস্কৃতিক পয্যটনৰ এক আকষনীয় কেন্দ্ৰস্থল হিচাপে নিৰ্মাণ কৰা পৰিকল্পনাৰ প্ৰসংগও সদৰি কৰি এই ক্ষেত্ৰত ৰাইজৰ পুৰ্ণ সহযোগিতাও কামনা কৰে।

Leave A Reply