Breaking

টেঙাখাত হাবিচুক গাঁৱৰ বৰ নামঘৰৰ নৱনিৰ্মিত সিংহদুৱাৰ শুভ উন্মোচন

0 103

টেঙাখাত হাবিচুক গাঁৱৰ বৰ নামঘৰৰ আজি নৱনিৰ্মিত সিংহদুৱাৰ শুভ উন্মোচন।হৰি নামৰ ধ্বনিৰে মুখৰিত টেঙাখাত হাবিচুক বৰ নামঘৰ।১৯৩০ চনত স্থাপিত হোৱা টেঙাখাত হাবিচুক গাঁৱৰ বৰ নামঘৰৰ আজি নৱনিৰ্মিত সিংহদুৱাৰ শুভ উন্মোচন।এই উপলক্ষে গাঁৱৰ ভক্ত প্ৰাণ ৰাইজে গজৰাজ সহ গায়ন-বায়নৰ লগতে ভকত বৈষ্ণৱৰ হৰি নামৰ ধ্বনিৰে প্ৰায় দুই কিলোমিটাৰ জোৰা শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে সমগ্ৰ অঞ্চলটোতে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰাৰ পৰিলক্ষিত হয়।

বিশিষ্ট ব্যৱসায়ী তথা সমাজ সেৱক অজয় গগৈয়ে তেখেতৰ পিতৃ প্ৰয়াত জয় চন্দ্ৰ গগৈৰ প্ৰবিত্ৰ সোঁৱৰণীত প্ৰায় ছয় লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি আগবঢ়োৱা হাবিচুক গাঁওৰ বৰ নামঘৰৰ মূল তোৰণৰ লগতে মূল পথৰ পৰা বৰ নামঘৰলৈ প্ৰায় ডেৰশ মিটাৰ জোৰা অতি জৰাজীৰ্ণ অৱস্থাত থকা পথটো ব্যক্তিগত প্ৰচেষ্টাৰে ছেণ্ড গ্ৰেভেলিং কৰি পৰিয়ালৰ হৈ ৰাইজলৈ উৎসৰ্গা কৰে।অজয় গগৈৰ মাতৃ তথা স্বৰ্গীয় জয় চন্দ্ৰ গগৈৰ পত্নী সৰুমলা গগৈয়ে ফিটা কাটি উৎসৰ্গিত তোৰণখন শুভ উন্মোচন কৰে।তেখেতৰ এই মহান প্ৰচেষ্টাক ভকত বৈষ্ণৱৰ লগতে স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

টেঙাখাতৰ পৰা ব্ৰজেন গগৈ প্ৰতিবেদন

Leave A Reply