Breaking

সপ্তাহযোৰা ভাগৱত পাঠৰ শুভাৰম্ভ ,কান্দ্রা চুড়ী সোঁৱৰণি বাট চ’ৰা আৰু বুলনী চ’ৰা উদ্ধোধন…

0 84

খাটিসোনা সার্বজনীন নামঘৰ প্রাঙ্গনত সপ্তাহ যোৰা অবিৰত ভাগৱত পাঠ আজিৰ পৰা আৰম্ভ হৈছে। ইয়াৰ পূর্বে কালি কালাৱতী চুড়ী ৰাজু চুড়ী, সঞ্জীৱ চুড়ী, যোগেন চুড়ী, বিজূ চুড়ী আৰু পৰিয়াল বৰ্গৰ দ্বাৰা নতুনকৈ নির্মাণ কৰা কান্দ্রা চুড়ী সোঁৱৰণি বাট চ’ৰা আৰু বুলনী চ’ ৰা ভাগি উদ্ধোধন কৰে শ্রী শ্রী বিহিমপুৰ সত্রৰ সত্ৰাধিকাৰ চিদানন্দ মহন্তই। ইয়াৰ পাছত খাটিসোনা নামঘৰ প্রাঙ্গনৰ পৰা এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰা খাটিসোনা নামঘৰ প্রাঙ্গনৰ পৰা আৰম্ভ কৰি ভেলেউগুৰি অঞ্চল পৰিভ্রমণ কৰি পূনৰ নামঘৰ প্রাঙ্গনলৈ আহে।

এই শোভাযাত্ৰাৰ আত ধৰে মনিৰাম হাজৰিকা, গাঁওবুঢ়া নেওগ, নিৰঞ্জন ভৰালী আৰু দুদু পাচনিয়ে। সন্ধিয়া পাঁচ বজাত শৰাই প্রতিষ্ঠা কৰে জিতু বৰাই।নাম প্রসঙ্গ কৰে মৃদুল গোস্বামীয়ে।বেদী নিৰ্মাণ আৰু প্রতিষ্ঠা কৰে ৰত্নেশ্বৰ বৰা, তৰুণ শইকীয়া, মুকুট দত্ত আৰু ভাইকন শ্ইকীয়াই। আজি প্রাত: প্রসঙ্গ কৰে পূর্ণ বৰা,ভকত ৰহিদাস আৰু শৈলেন চেতিয়াই। পুৱা ধর্মধ্বজা উত্তোলন নামঘৰ পৰিচালনা সমিতিৰ সভাপতি বিপুল শইকীয়া আৰু উদযাপন সমিতিৰ সভাপতি সঞ্জীৱ চুড়ীয়ে। স্মৃতি তর্পন কৰে নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাজু চুড়ীয়ে। ইয়াৰ পিছতে ভাগৱত প্রদক্ষিণ, শৰাই প্রতিষ্ঠা আৰু ভাগৱত প্রতিষ্ঠা কৰে জিতু বৰাই।নাম প্রসঙ্গ কৰে পটিয়া গাঁও শ্রী শ্রী লেটুগ্রাম সত্রৰ মৃদুল মহন্তই । শ্রী মদ্ভাগৱত পাঠৰ শুভাৰম্ভ কৰে শ্রী শ্রী বিহিমপুৰ সত্রৰ সত্ৰাধিকাৰ চিদানন্দ মহন্তই। ভাগৱত পাঠৰ অন্তিম দিনা ৰাতিলৈ ‘নৃসিংহ মুৰাৰী ‘ ভাওনা প্রদর্শন কৰা হ’ব।


মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন

Leave A Reply