দেশক ভাষণ নহয় সঠিক সমাধানৰহে প্ৰয়োজন, প্ৰধানমন্ত্ৰী মোডীৰ ভাষণক কটাক্ষ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ

দৈনন্দিন বাৰ্তা সেৱাঃ দেশৰ পৰা ক’ৰ’না আঁতৰি যোৱা নাই বুলি দেশবাসীক সম্বোধি মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া ভাষণক লৈ বিৰোধী শিবিৰ আক্ৰমণাত্মক হৈ উঠা পৰিলক্ষিত হৈছে। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰধান মন্ত্ৰীৰ ভাষণ দেশবাসীক নালাগে, কেৱল সঠিক সমাধানৰহে প্ৰয়োজন বুলি মন্তব্য কৰে।

কংগ্ৰেছ মুখপাত্ৰ ৰণদীপ সুৰজেৱালা আৰু পৱন খেড়াই কয়, ‘কৃপা কৰি দেশবাসীক জনাওক যে মহামাৰী কেনেদৰে নিয়ন্ত্ৰণ হ’ব আৰু অৰ্থনীতি কিদৰে পুনৰুদ্ধাৰ হ’ব?

তেওঁলোকৰ ওচৰত ইয়াৰ কিবা সমাধান আছে নে ইয়াৰ বাবে ভগৱানক দোষ দিব’। ‘ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ চলি থকাৰ সময়ত আমাৰ নেতা অন্তৰ্ধান হয়। তেওঁলোকে কেৱল টিভিত উপদেশ দিবলৈ আহে’। দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে মঙলবাৰে ক’ৰ’না প্ৰতিৰোধৰ স্বাৰ্থত ক’ভিড প্ৰটক’ল মানি চলিবলৈ দেশবাসীক তেখেতৰ ভাষণৰ জৰিয়তে আহ্বান জনাইছিল।

Related Articles