হোজাইত ছাত্ৰী অপহৰণৰ দৰে ঘটনা : লম্পটক কৰায়ও কৰাৰ দাবী স্থানীয় ৰাইজৰ

মোৰাঝাৰ, ১২ নৱেম্বৰ : হোজাইৰ মোৰাঝাৰত  সংঘটিত হৈছে ছাত্ৰী অপহৰণৰ দৰে ঘটনা। এই ঘটনা সংগঠিত হৈছে মোৰাঝাৰৰ পদুমপূখুৰী গাঁৱত। মোৰাঝাৰ থানাৰ অন্তৰ্গত পদুমপুখুৰী গাঁৱৰ এগৰাকী নাবালিকা ছাত্ৰীক অপহৰণৰ অভিযোগ এগৰাকী লম্পট যুৱক জামাল উদ্দিনৰ বিৰুদ্ধে।  জামাল উদ্দিন নামৰ লম্পটটোৱে নাবালিকা গৰাকীক অপহৰণ কৰিব বুলি ভাবুকি  দিছিল ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকক। আৰু ভাবুকি মতে সংঘটিত কৰিলে এই ঘটনা। এই অভিযোগ ভুক্তভোগী পৰিয়ালৰ ৷ কপাহবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী গৰাকীক বিবাহৰ প্ৰতাৰণাৰে পুদুমপুখুৰী গাঁৱৰ তিনি সন্তানৰ পিতৃয়ে অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপিত কৰি নাবালিকা ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে ১০ নবেম্বৰ তাৰিখে মোৰাঝাৰ আৰক্ষীত দাখিল কৰিছে এজাহাৰ। পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে  চলাই গৈছে অনুসন্ধান। কিন্তু ছাত্ৰী গৰাকীৰ কোনো সন্ধান লাভ কৰিব নোৱাৰাত চিন্তিত গাঁওবাসীৰ লগতে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে  লম্পটক কৰায়ওৰ দাবী জনায় ৷

Related Articles