Breaking

আৰক্ষীক হেণ্ডছেক দিয়াৰ বাবেই স্কুলীয়া ছাত্ৰীক ,মহিলাক প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈছে ওৰাঙত

0 2,020

 সমগ্ৰ ভাৰতবৰ্ষতেই মহিলাক প্ৰথম স্থান দি অহাৰ সময়তে ওৰাংত সংঘটিত হৈছে এক জঘন্য কাণ্ড । সমগ্ৰ দেশতেই  মহিলাক সকলো ক্ষেত্ৰতে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত দেশজুৰি নানান পন্থা অৱলম্বন কৰি অহা সময়তে ওৰাং চমুৱাগাঁও নিবাসী দ্ৰোণ প্ৰসাদ ৰেগ্মীৰ পত্নী দয়মন্তী দেৱীক অভিযোগ অনুসৰি  হৰি লাল ৰেগ্মীয়ে অমানবীয় ভাবে  প্ৰহাৰ কৰে । জানিব পৰা মতে  হৰি লালশৰ্মাই প্ৰথমতে দশম শ্ৰেণীত অধ্যয়ন কৰি থকা ফুল কুমলীয়া  ছাত্ৰীক আৰক্ষীক হেণ্ডছেক দিয়াৰ বাবেই দানবীয়  ভাবে  মাৰধৰ কৰে ।আনকি খেদি খেদি গৈ প্ৰহাৰ কৰা বুলি ছাত্ৰী আৰু পৰিয়ালবৰ্গই জনাইছে ৷ বিনা কাৰণত মাৰধৰ কৰাত ছাত্ৰী গৰাকীৰ মাতৃ দময়ন্তী দেৱীয়ে তেওঁৰ  ছোৱালীক বিনা কাৰণত কিয় বেয়াকৈ প্ৰহাৰ কৰিছে । কি ভুল কৰাৰ বাবে এজনী নাবলক ছাত্ৰীক মাৰধৰ কৰা বুলি  শুধোতে  পুনৰ ছাত্ৰী গৰাকীক পুনৰ মাৰধৰ কৰে ৷পুনৰ  হৰি লাল শৰ্মাৰ পৰা  জানিবৰ বাবে মাতৃ দময়ন্তী দেৱী সোধ পোছ কৰা মাত্ৰেই  হৰি লাল শৰ্মাই মহিলা জনীকো নানান অশ্লীল  ভাষাৰে গালি গলাজ পৰাৰ লগতে গুৰুলাগুলকৈ প্ৰহাৰ কৰে । এই সংক্ৰান্তত ১২অক্টোবৰত  ওৰাং আৰক্ষী থানাত  চমুৱাগাঁও নিবাসী দ্ৰোণ প্ৰসাদ শৰ্মাৰ পত্নী দময়ন্তী দেৱীবে একেখন গাওঁৰে মনোৰথ ৰেগমী/ শৰ্মাৰ পুত্ৰ হৰি প্ৰসাদ ৰেগমী ওৰফে হৰিলাল শৰ্মাৰ বিৰুদ্ধে  এজাহাৰ দাখিল কৰে ।আনহাতে ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনস্থ চমুবাগাওঁৰ এগৰাকী স্কুলীয়া ছাত্ৰীক এগৰাকী লোকে অমানবীয় অত্যাচাৰ কৰা ঘটনাটো সমগ্ৰ ওৰাং অঞ্চলটোতে চাঞ্চল্যৰ  সৃষ্টি হৈছে ৷এগৰাকী আৰক্ষীক ছাত্ৰী গৰাকীয়ে হেণ্ড ছেক দিয়াৰ বাবে গাও্ঁখনৰ এগৰাকী সম্বন্ধীয় খুড়ায়েকে অত্যাচাৰ কৰা ঘটনাটো সচেতন নাগৰিক সকলে আশ্বৰ্য প্ৰকাশ কৰিছে ৷এই ঘটনাৰ সম্পৰ্কত চমুৱাগাওঁৰ দ্ৰোন শৰ্মাৰ পত্নী দয়মন্তী দেবীয়ে তেওঁৰ কন্যাৰ  লগতে  নাৰকীয় অত্যাচাৰ কৰাৰ লগে তেওঁকো প্ৰহাৰ কৰা   হৰি প্ৰসাদ ৰেগমী ওৰফে হৰি লাল শৰ্মাৰ বিৰুদ্ধে ওৰাং আৰক্ষী থানাত দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ এজাহাৰ দাখিল কৰিছে ৷ বৰ্তমান ছাত্ৰী গৰাকী চিকিৎসাধীন অবস্থাত আছে ৷ ইতিমধ্য ওৰাং আৰক্ষী থানাত Case No. 152/21,Under Section -354/324 IPC,ত এটি গোছৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ৷যদিও এগৰাকী ছাত্ৰীৰ লগতে  এগৰাকী মহিলাৰ বৰ্বৰ ভাবে অত্যাচাৰ কৰা হৰি প্ৰসাদ ৰেগমী ওৰফে হৰিলাল শৰ্মাক বাতৰি লিখা পৰলৈকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ নকৰা বিষয়টো ৰহস্য আৰু আশ্চৰ্যজনক বুলি সচেতন নাগৰিক সকলে মত প্ৰকাশ কৰিছে ৷

Leave A Reply