দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্ত সংস্থাসমূহৰ অভিযানত বৃহৎ পৰিমাণৰ ধনৰাশি উদ্ধাৰ হোৱাৰ সময়তে এইবাৰ ঝাৰখণ্ডত কংগ্ৰেছৰ দুগৰাকী বিধায়কৰ বিৰুদ্ধে আয়কৰ বিভাগ চলোৱা অভিযানত ১০০ কোটি টকাতকৈও অধিক পৰিমাণৰ হিচাপ বিহীন লেনদেন পোহৰলৈ আহিছে।

ৰাজ্যজুৰি কয়লা আৰু লৌহ ধাতুৰ ব্যৱসায়ৰ সৈতে সম্পৰ্কৰ সন্দৰ্ভত কংগ্ৰেছ বিধায়ক দুগৰাকীৰ বিৰুদ্ধে আয়কৰ বিভাগে তালাচী চলাইছিল। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ (চিবিডিটি) এক বিবৃতিত উল্লেখ কৰা অনুসৰি ৪ নৱেম্বৰৰ পৰা ঝাৰখণ্ড, পাটনা (বিহাৰ), গুৰুগ্ৰাম (হাৰিয়ানা) আৰু কলকাতা (পশ্চিম বংগ)ৰ ৰাঁচী, গোড্ডা, বেৰ্মো, দুমকা, জামছেদপুৰ আৰু চাইবাছাৰ ৫০ টা চৌহদত তালাচী চলোৱা হৈছিল।

আয়কৰ বিভাগৰ তালাচীৰ আওতাত পৰা বিধায়ক দুগৰাকী হৈছে ক্ৰমে বেৰ্মোৰ বিধায়ক কুমাৰ জয়মঙ্গল ওৰফে অনুপ সিং আৰু পোৰিয়াহাটৰ বিধায়ক প্ৰদীপ যাদৱ। চিবিডিটিৰ বিবৃতিত কোৱা হৈছে, “কয়লা ব্যৱসায়/পৰিবহন, অসামৰিক চুক্তি সম্পাদন, লো খনন আৰু স্পঞ্জ লো উৎপাদনত নিয়োজিত কেইবাটাও ব্যৱসায়িক গোটৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।”
চিবিডিটিয়ে লগতে উল্লেখ কৰা অনুসৰি অভিযানৰ সময়ত ২ কোটি টকাতকৈও অধিক নগদ ধন জব্দ কৰাৰ লগতে এতিয়ালৈকে ১০০ কোটি টকাতকৈও অধিক পৰিমাণৰ হিচাপ বিহীন লেনদেন ধৰা পৰিছে। লগতে অভিযান কালত বহুতো নথিপত্ৰ আৰু ডিজিটেল প্ৰমাণো জব্দ কৰা হৈছে বুলি বিভাগে লগতে জানিবলৈ দিছে।

চিবিডিটিয়ে লগতে সদৰী কৰা অনুসৰি এই গোটসমূহে কৰ ফাঁকিৰ বিভিন্ন পদ্ধতিৰ আশ্ৰয় লৈছে। স্থাৱৰ সম্পত্তিত বিনিয়োগ কৰাৰ প্ৰমাণ পোৱা গৈছে বুলি সদৰী কৰি বিভাগে এনে বিনিয়োগৰ উৎস সম্পৰ্কে বিতং তথ্য লাভ কৰা নাই বুলি জানিবলৈ দিয়ে।