গোলাঘাটৰ ধোদৰ আলিত আয়কৰ বিভাগক তালাচী। ছুপাৰী মাফিয়া বুলি পৰিচিত আব্দুল হানান ওৰফে বাবলুৰ ঘৰত চলিছে এই তালাচী।
দিন ৪ বজাৰ পৰা নিশা ৯ বজা পৰ্যন্ত চলিয়েই আছে অভিযান।এই অভিযানত আয়কৰ বিভাগে কি উদ্ধাৰ কৰিছে এতিয়ালৈকে জানিবলৈ দিয়া নাই। ধোদৰ আলিৰ বাসগৃহৰ সমীপতে কিছুদিন পূৰ্বে তেওঁ নিৰ্মাণ কৰিছিল এখন ইংৰাজী বিদ্যালয়। কেইবা কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিছিল বিদ্যালয়খন।
পূৰ্বতে তেওঁ লালী গুৰৰ ব্যৱসায়ৰ সৈতেও জড়িত আছিল।চোৰাং ছুুপাৰী ছিণ্ডিকেটেৰে জড়িত থকাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে। ছুপাৰী ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগত পূৰ্বতেও গ্ৰেপ্তাৰ হৈছিল হানান।ইয়াৰ উপৰিও তেওঁৰ আছে আন বিশাল ব্যৱসায়।

