Breaking

আয়কৰ অভিযানঃ বাংগালুৰুৰ ঠিকাদাৰৰ ঘৰত ২৩ টা বাকচত ৪২ কোটি টকা উদ্ধাৰ…

0 52

আয়কৰ বিভাগে বাংগালুৰুৰ এজন ঠিকাদাৰসকলৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আয়কৰ চোৰাংচোৱাসকলে শুকুৰবাৰে বাংগালুৰুৰ এজন ঠিকাদাৰৰ ঘৰৰ পৰা হিচাপ বিহীন নগদ ধন উদ্ধাৰ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।খবৰ অনুসৰি, বাংগালুৰুৰ ঠিকাদাৰ জনৰ ঘৰৰ পৰা ২৩ টা বাকচত ৫০০টকীয়া নোটৰ মূল্যৰ মুঠ ৪২ কোটি টকা উদ্ধাৰ কৰা হৈছে। ধনৰ পৰিমাণ আৰু অধিক হ’ব পাৰে বুলি জানিব পৰা গৈছে। ইপিনে ৰাজ্য খনৰ বিৰোধী দল বিজেপিয়ে অভিযোগ কৰে যে কংগ্ৰেছে নিৰ্বাচনমুখী তেলেংগানালৈ ধন সৰবৰাহ কৰিবলৈ চেষ্টা কৰি আছে। বিজেপি নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী অশ্বথ নাৰায়ণে কয়, “আগন্তুক নিৰ্বাচনৰ বাবে তেলেংগানালৈ প্ৰেৰণ কৰিবলৈ কংগ্ৰেছ দলে এই বৃহৎ পৰিমাণৰ ধন মজুত কৰিছিল। কংগ্ৰেছ চৰকাৰে কৰ্ণাটকক আন ৰাজ্যৰ নিৰ্বাচনৰ সময়ত ‘এটিএম’ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে’’।

ইফালে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই বিজেপিৰ এই অভিযোগ খণ্ডন কৰিছে। শুকুৰবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি সিদ্ধাৰামাইয়াই কয়, “কোনো ৰাজ্যই আন ৰাজ্যৰ পৰা ধন বিচাৰিব নোৱাৰে, আৰু আমি আমাৰ ধন আন ৰাজ্যক নিদিওঁ। বিজেপিয়ে অপ্ৰয়োজনীয় কথাৰে মানুহৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।” কৰ্ণাটক ঠিকাদাৰ সন্থাৰ সভাপতি কেম্পেনাই কয় যে ঠিকাদাৰজনে আঠ বছৰ ধৰি কোনো ঠিকাৰ কামত জড়িত নাছিল । কিন্তু তেওঁৰ আন কেইবাটাও ব্যৱসায় আছে।

Leave A Reply