Breaking

গ্রীণ টাগ ট্রেঞ্জিচন প্ৰগ্ৰামৰ শুভাৰম্ভণিৰে ভাৰতে ২০৩০ চনৰ ভিতৰত বিশ্বৰ সেউজ জাহাজৰ প্ৰাণকেন্দ্ৰ হোৱাৰ লক্ষ্য ৰাখিছে: সৰ্বানন্দ সোণোৱাল

0 60

চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত অভিযানক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আজি নতুন দিল্লীত ‘গ্রীণ টাগ ট্রেঞ্জিচন প্ৰগাম’ আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়টোৰ গুৰুত্বপূৰ্ণ নীতিগত পদক্ষেপৰ সন্দৰ্ভত আলোকপাত কৰে। এই অভিলাষী কাৰ্যসূচী ‘গ্রীণ হাইব্রিড টাগছ্’ৰ সৈতে আৰম্ভ হ’ব, যিটো গ্ৰীণ হাইব্রিড প্ৰপালচন প্ৰণালীৰদ্বাৰা চালিত হ’ব আৰু পৰৱৰ্তী সময়ত (মিথানল, এম’নিয়া, হাইড্ৰ’জেন)ৰ দৰে অ-জীৱাশ্ম ইন্ধনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব-কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইবুলি জনায়।


কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি দিল্লীত সেউজ বন্দৰ আৰু জাহাজ পৰিবহণ খণ্ডত ভাৰতৰ প্ৰথম উৎকর্ষ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। এই কেন্দ্ৰটো হৈছে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় আৰু শক্তি আৰু সম্পদ প্রতিষ্ঠান (টেৰি)ৰ মাজৰ সহযোগিতাৰ এক উৎকৃষ্ট ফলাফল।


অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতে জি-২০ৰ সভাপতিত্ব গ্ৰহণ কৰাৰ সময়ছোৱাতে পৰিষ্কাৰ, সেউজীয়া পৰিৱেশ গঢ় দিয়াৰ দিশত চৰকাৰৰ এক মুখ্য প্ৰচেষ্টা হিচাপে এই পদক্ষেপসমূহ ঘোষণা কৰি ম‍ই অত্যন্ত আনন্দিত হৈছোঁ। মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি সেউজ জাহাজ নির্মাণত আত্মনিৰ্ভৰশীল হোৱাৰ লগতে মন্ত্ৰালয়ৰ অধীনৰ সকলো ক্ষেত্ৰত সেউজ সমাধান ত্বৰান্বিত কৰাৰ দিশত আমাৰ প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে কাম কৰি আছোঁ। ২০৩০ চনৰ ভিতৰত সেউজ জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ এক আগশাৰীৰ প্ৰাণকেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে। এই দিশত আমি যথেষ্ট ব্যৱসায়িক সুযোগ-সম্ভাৱনা দেখিছোঁ। এখন সেউজ পৃথিৱী গঢ়ি তোলাৰ বাবে আমি সম্পূৰ্ণৰূপে সমৰ্পিত হৈ কাম কৰি যাবলৈ বদ্ধপৰিকৰ।”


মন্ত্ৰালয়ে ২০২৫ চনৰ ভিতৰত সকলো মুখ্য বন্দৰত প্ৰাৰম্ভিক গ্রীণ টাগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ২০৩০ চনৰ ভিতৰত সকলো টাগৰ ৫০% গ্ৰীণ টাগলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে, যিয়ে প্রদূষণ যথেষ্ট হ্ৰাস কৰিব। উক্ত কেন্দ্ৰটোৱে ভাৰতত সেউজ পৰিবহণৰ বাবে নীতিগত পৰিকাঠামো আৰু বৈকল্পিক প্রযুক্তি গ্ৰহণৰ ৰ’ডমেপ বিকশিত কৰাত সহায় কৰিব ৷ গুৰুগ্ৰামৰ টেৰি কমপ্লেক্সৰ ভিতৰত থকা এই কেন্দ্ৰটোৱে পেৰিছ চুক্তিৰ অধীনত যাৱতীয় দায়বদ্ধতাবোৰ পূৰণ কৰাৰ দিশতো কাম কৰিব।প্রধানমন্ত্রী গতি শক্তি – মাল্টি মডেল সংযোগৰ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে ইতিমধ্যে দেশত সেউজ লজিষ্টিক যোগান শৃংখলাৰ বিকাশক ত্বৰান্বিত কৰিছে।

দেশৰ বন্দৰসমূহে ২০৩০ চনৰ ভিতৰত প্ৰতি টন কাৰ্গ’ত কার্বন নির্গমন ৩০% হ্ৰাস কৰাৰ লক্ষ্য ৰাখিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা সামুদ্রিক দৃষ্টিভংগী দস্তাবেজ ২০৩০ হৈছে বহনক্ষম সামুদ্রিক খণ্ড আৰু নীল অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীৰ ১০ বছৰীয়া ব্লুপ্রিন্ট। সেউজ জাহাজ পৰিবহণ সম্পৰ্কীয় পাইলট প্রকল্প পৰিচালনা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থা গ্রীণ ভ’য়েজ ২০৫০ প্ৰকল্পৰ অধীনত ইতিমধ্যে ভাৰত প্ৰথমখন দেশ হিচাপে নিৰ্বাচিত হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ইতিমধ্যে পাৰাদীপ বন্দৰ, দীনদয়াল বন্দৰ আৰু ভি.ও. চিদাম্বৰম বন্দৰক হাইড্ৰ’জেন হাব হিচাপে বিকশিত কৰাত বিশেষ গুৰুত্ব দিছে। এই আন্তঃগাঁথনিৰ বিকাশৰ সৈতে ভাৰতে এনচিঅ’ইজিপিএছৰ সহায়ত নৱীকৰণযোগ্য উৎসৰ ব্যৱহাৰেৰে দেশত উৎপাদিত সেউজ হাইড্ৰ’জেন ৰপ্তানি কৰিবলৈ সক্ষম হ’ব৷


কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আজি লগতে কয়, “মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মিছন লাইফ (LiFE) মুভমেণ্টক বাস্তৱায়িত কৰাৰ দিশত আমাৰ মন্ত্ৰালয়ৰ এক গুৰুত্বপূৰ্ণ প্ৰয়াস হৈছে আজি মুকলি কৰা উক্ত কেন্দ্ৰটো। প্রধানমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিভংগী অনুসৰি পৰিৱেশৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সামূহিক পদক্ষেপৰ দিশত ভাৰতৰ নেতৃত্বত বিশ্বব্যাপী এক ইতিবাচক আন্দোলন হ’বলৈ গৈ আছে। এই কেন্দ্ৰটো সেই আন্দোলনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ কিয়নো ইয়াৰ লক্ষ্য হৈছে বন্দৰ আৰু জাহাজ পৰিবহণক অধিক পৰিৱেশ অনুকূল হিচাপে ৰূপান্তৰিত কৰা। মোদী ডাঙৰীয়াই কল্পনা কৰা অনুসৰি ২০৭০ চনৰ ভিতৰত আমাৰ দেশখনক কার্বন নিৰপেক্ষ হিচাপে গঢ় দিয়াৰ অন্বেষণত এয়া এক আন্তৰিক প্ৰয়াস।”


আজিৰ এই অনুষ্ঠানটোত মন্ত্ৰালয়টোৰ সচিব সুধাংশ পন্তৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল আৰু টেৰিৰ সঞ্চালক প্ৰধান ড° বিভা ধাৱান উপস্থিত আছিল।

Leave A Reply