Breaking

শ্ৰীলংকাৰ দুই কোটি জনসাধাৰণক আশ্বাস প্ৰদান ভাৰতৰ…

0 64

শ্ৰীলংকাৰ দুই কোটি জনসাধাৰণক আশ্বাস প্ৰদান ভাৰতৰ। যোৱা বছৰ শ্ৰীলংকাৰ অৱস্থা অতি দুৰ্দশা হৈছিল। খাদ্য-সামগ্ৰীৰ ব্যাপক নাটনি হৈছিল। তেওঁলোকৰ ৰাজনীতিবিদ সকলৰ ব্যৰ্থতাত ক্ষুব্ধ হৈ জনসাধাৰণে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰিছিল। তেতিয়া ভাৰতে শ্ৰীলংকাক সকলো দিশতে সহায় কৰিছিল। ভাৰতে পুনৰবাৰ ঘোষণা কৰিছে যে এজন জ্যেষ্ঠ ভাতৃৰ দৰে সদায় সহায় কৰিব প্ৰতিবেশী ৰাষ্ট্ৰ শ্ৰীলংকাক। দৰাচলতে ভাৰতে ইতিহাসৰ বৃহত্তম অৰ্থনৈতিক সংকট দূৰ কৰাৰ বাবে শ্ৰীলংকাৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ ক্ষেত্ৰত ‘গঠনমূলক ভূমিকা’ গ্ৰহণ কৰাৰ ইচ্ছা পুনৰবাৰ প্ৰকাশ কৰাৰ সমান্তৰালভাৱে সকলো ধৰণৰ সহযোগিতা ঘোষণা কৰিছে। কলম্বোত অনুষ্ঠিত হোৱা কনষ্ট্ৰাকচন, পাৱাৰ এণ্ড এনাৰ্জি এক্সপ’ ২০২৩ৰ মুকলি সভাত ভাষণ দি ভাৰতৰ উপ-উচ্চায়ুক্ত বিনোদ কে জেকবে কয় যে শেহতীয়াকৈ ভাৰত আৰু শ্ৰীলংকাৰ মাজত গভীৰ সম্পৰ্কই বন্ধুত্ব আৰু সৰ্বাংগীন সহযোগিতা সুদৃঢ় কৰিছে।

ভাৰত হৈ পৰিল শ্ৰীলংকাৰ দুই কোটি জনসাধাৰণৰ আশা। ভাৰতীয় বিষয়াগৰাকীয়ে লগতে কয় ‘চলিত বৰ্ষৰ জানুৱাৰী মাহত আই এম এফৰ ঋণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় পুঁজিৰ সন্দৰ্ভত শ্ৰীলংকাক আশ্বাস দিয়া আমি প্ৰথমখন দেশ আছিলো’। জাপান আৰু পেৰিছ ক্লাবৰ সৈতে ঋণদাতা সমিতিৰ সহ-সভাপতি হিচাপে ভাৰতে গঠনমূলক ভূমিকা পালন কৰি যাব বুলিও মন্তব্য কৰে। ২০২২ চনত বৈদেশিক মুদ্ৰাৰ তীব্ৰ নাটনিৰ বাবে শ্ৰীলংকা আৰ্থিক সংকটৰ সন্মুখীন হৈছিল, যাৰ ফলত ১৯৪৮ চনত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ পিছত দ্বীপ ৰাষ্ট্ৰখনৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছিল।

Leave A Reply