India–Bangladesh: ভাৰতে হাতে নামাৰি ভাতে মাৰিব বিচাৰিছে বাংলাদেশক

ভাৰতৰ অৰ্থনৈতিক হেঁচাত এতিয়া নতশিৰ হৈছে বাংলাদেশ৷(India–Bangladesh) বাণিজ্যত আঘাত লগাৰ পিছতে এতিয়া ইউনুছৰ বাংলাদেশে ভাৰতৰ সৈতে বিচাৰিছে আলোচনা৷ ভাৰতে বাংলাদেশৰ বিৰুদ্ধে স্থলপথেৰে সামগ্ৰী ১৫ানিত নিষেধাজ্ঞা জাৰি কৰাৰ লগে লগে অন্তৰ্ৱৰ্তীকালীন চৰকাৰে ভাৰতক আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে আৱেদন জনাইছে৷ দেওবাৰে বাংলাদেশৰ বাণিজ্য উপদেষ্টা শ্বেখ বছিৰুদ্দিনে কয়– ‘ভাৰতৰ এই পদক্ষেপৰ বিষয়ে আমি অৱগত নহয়৷ অৱশ্যে যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে দুয়োপক্ষই আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ চেষ্টা কৰিব৷’ এই বিষয়ত বাণিজ্য উপদেষ্টা শ্বেখ বছিৰুদ্দিনে দেওবাৰে কয়, ‘ক্ৰেতা আৰু ব্যৱসায়ীৰ স্বাৰ্থত ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্য অব্যাহত থাকিব৷ ভাৰতৰ এই পদক্ষেপৰ বিষয়ে আমি এতিয়াও আনুষ্ঠানিকভাৱে একো নাজানো৷ আমি আনুষ্ঠানিকভাৱে গম পোৱাৰ পিছত পৰৱৰ্তী পদক্ষেপ ল’ব পাৰিম৷

যদি কোনো সমস্যাৰ সৃষ্টি হয় বা গঢ় লৈ উঠে, তেন্তে দুয়োপক্ষই আলোচনাৰ জৰিয়তে সমাধানৰ চেষ্টা কৰিব৷’ বাণিজ্য উপদেষ্টাগৰাকীয়ে মন্তব্য কৰে যে বাংলাদেশৰ পৰা ৰেডিমেড কাপোৰ আৰু প্ৰছেছড খনিজ সামগ্ৰীকে ধৰি কমেও সাতবিধ সামগ্ৰী আমদানি কৰাত নতুন নিষেধাজ্ঞাৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলৰো ‘ক্ষতি’ হ’ব৷ শেহতীয়াকৈ বাংলাদেশে ঘোষণা কৰিছে যে ভাৰতৰ পৰা স্থলপথেৰে সূতা আমদানি বন্ধ কৰি দিছে৷ এই সামগ্ৰী ভাৰতলৈ পঠিয়াবলৈ হ’লে ইয়াক সাগৰীয় পথেৰে পঠিয়াব লাগিব৷ ইউনুছ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ভাৰতে প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰে৷

শনিবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ৰ অধীনস্থ বৈদেশিক বাণিজ্য বিভাগে এক অধিসূচনা জাৰি কৰি কয় যে বাংলাদেশৰ পৰা স্থলপথেৰে প্ৰছেছড খাদ্য সামগ্ৰী, কপাহ, কপাহী কাপোৰ, প্লাষ্টিক আৰু পিভিচিৰে নিৰ্মিত সামগ্ৰী, ৰং আদি সামগ্ৰী আদি দেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব৷ বাংলাদেশৰ সৈতে সীমান্ত থকা পশ্চিম বংগৰ চাংৰাবন্ধা আৰু ফুলবাৰীৰ (চকী, যেনে অসম, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু পশ্চিম বংগৰ) চকীসমূহৰ জৰিয়তে এই সামগ্ৰীসমূহ প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে৷ কিন্তু বাংলাদেশৰ পৰা অহা মাছ, এল পি জি আৰু খোৱাতেলত কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই৷ অন্য সামগ্ৰী পঠিয়াব বিচাৰিলে বাংলাদেশে সাগৰীয় পথেৰে পঠিয়াব লাগিব৷

Related Articles