ভাৰত-বাংলাদেশৰ মাজত সম্পৰ্কৰ ক্ৰমে অৱনতি ঘটিছে৷(India-Bangladesh) সেই মৰ্মে ভাৰতে শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ সেই অনুসৰি বাংলাদেশৰ পৰা ৰেডিমেড কাপোৰ, প্ৰছেছড খাদ্য-সামগ্ৰী আৰু অন্যান্য সামগ্ৰী আমদানি কৰাৰ ক্ষেত্ৰত ভাৰতে নিষেধাজ্ঞা আৰোপ কৰিছে ৷ শেহতীয়া খবৰ অনুসৰি ভাৰত চৰকাৰে বাংলাদেশৰ পৰা ৰেডিমেড গাৰ্মেণ্ট আৰু প্ৰছেছড খাদ্য-সামগ্ৰীৰ দৰে কিছুমান সামগ্ৰী আমদানি কৰাত বন্দৰ নিষেধাজ্ঞা আৰোপ কৰে৷ বিগত মাহত বাংলাদেশে ভাৰতীয় একাংশ সামগ্ৰীৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ জনাই এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে৷ বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ এক অধিসূচনা অনুসৰি ভাৰতৰ মাজেৰে ট্ৰেনজিট হৈ নেপাল আৰু ভূটানলৈ যোৱা বাংলাদেশী সামগ্ৰীৰ ক্ষেত্ৰত এই বন্দৰ নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব৷
মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাত বাংলাদেশৰ পৰা ভাৰতলৈ কিছুমান বিশেষ সামগ্ৰী যেনে- ৰেডিমেড কাপোৰ, প্ৰছেছড খাদ্য-সামগ্ৰী আদি আমদানি কৰাত বন্দৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ নিৰ্দেশটোত এনেদৰে উল্লেখ আছে- ‘বাংলাদেশৰ পৰা ৰেডিমেড কাপোৰ কোনো স্থলবন্দৰৰ পৰা আমদানি কৰিব নোৱাৰিব৷ অৱশ্যে নৱা শ্বেভা আৰু কলকাতা বন্দৰৰ মাজেৰেহে অনুমতি দিয়া হৈছে৷’ মন্ত্ৰণালয়ে সদৰী কৰা মতে, ফল-মূল, ফলৰ সোৱাদযুক্ত আৰু কাৰ্বনেটেড পানীয়, প্ৰছেছড খাদ্য [বেকড গুডছ, স্নেকছ, চিপছ আৰু মিঠাই], কপাহ আৰু কপাহী সূতাৰ আৱৰ্জনা, প্লাষ্টিক আৰু পি ভি চিৰ সম্পূৰ্ণ সামগ্ৰী, ৰং, প্লাষ্টিছাইজাৰ আৰু গ্ৰেনুল, কাঠৰ আচবাব আদিৰ ক্ষেত্ৰত অধিসূচনাত কোৱা হৈছে যে চুবুৰীয়া দেশৰ পৰা অহা চালান অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ কোনো এল চি এছ [ভূমি শু{¨ ষ্টেচন] আৰু আই চি পি [ইণ্টিগ্ৰেটেড চেক পোষ্ট] ৰ জৰিয়তে আৰু পশ্চিমবংগৰ এল চি এছ চাংৰাবন্ধা আৰু ফুলবাৰীৰ জৰিয়তে চালানৰ অনুমতি দিয়া নহ’ব৷ বাংলাদেশৰ পৰা অহা মাছ, এল পি জি, খোৱা তেল আৰু গুড়ি শিল আমদানিৰ ক্ষেত্ৰত এই বন্দৰ নিষেধাজ্ঞা প্ৰযোজ্য নহয় বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে৷
এই পৰিৱৰ্তনসমূহ কৰিবলৈ দেশৰ আমদানি নীতিত এটা নতুন অনুচ্ছেদ সংযোজন কৰা হৈছে ৷ য’ত বাংলাদেশৰ পৰা ভাৰতলৈ এই সামগ্ৰীসমূহৰ আমদানি তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণ কৰা হৈছে৷ ভাৰতৰ এনে পদক্ষেপে নিঃসন্দেহে আৰ্থিকভাৱে ক্ষতি কৰিব৷