India blocks X accounts of Turkish, Chinese: ভাৰতে নিষিদ্ধ কৰিলে এক্স হেণ্ডেলত থকা একাধিক চীন-তুৰ্কীৰ সংবাদ মাধ্যম

পেহেলগাম আক্ৰমণত পাক সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰাৰ প্ৰতিশোধস্বৰূপে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ৷(India blocks X accounts of Turkish, Chinese) ২২ এপ্ৰিলৰ এই কাণ্ডৰ পৰিপ্ৰেক্ষিতত ভাৰতে ৬ মে’ৰ মাজনিশা আৰু জ্জ মে’ৰ পুৱাৰ ভাগত পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ একাধিক সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলায়৷ ‘অপাৰেচন সিন্দূৰ’ত জ্ঝটা সন্ত্ৰাসবাদী ঘাটি ধবংস কৰা হয়৷ অপাৰেচন সিন্দূৰৰ বিষয়ে ভুৱা তথ্য বিয়পাই দি আহিছে একাংশ চীন তথা তুৰ্কীৰ সংবাদ মাধ্যমে৷ ভাৰতৰ সতৰ্কবাণী এইক্ষেত্ৰত কোনো কামত অহা নাছিল৷

ভাৰতত অৱশেষত তুৰ্কীয়ে আৰু চীনৰ সংবাদ মাধ্যমৰ এটা দলৰ বিৰুদ্ধে এক্স হেণ্ডেল ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ অল ইণ্ডিয়া নিউজ এজেন্সীৰ তথ্য অনুসৰি ভাৰতত ভাৰতীয় সেনা আৰু অপাৰেচন সিন্দূৰ সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগত চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্ল’বেল টাইমছ আৰু জিনহুয়া নিউজ এজেন্সীৰ এক্স হেণ্ডেল ভাৰতত নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ পূৰ্বে বেইজিঙত থকা ভাৰতীয় দূতাবাসে গ্ল’বেল টাইমছক সকীয়াই দিছিল যে তথ্য প্ৰচাৰৰ পূৰ্বে সত্যাসত্য নিৰূপণ কৰিব লাগে৷ অভিযোগ উত্থাপন হৈছে যে পাকিস্তান সমৰ্থিত কেইবাটাও সংবাদ মাধ্যমে অপাৰেচন সিন্দূৰ সন্দৰ্ভত অহৰহ জনসাধাৰণৰ আগত ভুৱা তথ্য দাঙি ধৰি জনমানসত ভুল ধাৰণা সৃষ্টি কৰি আছে৷ চীনৰ সংবাদ মাধ্যমৰ লগতে তুৰ্কী সংবাদ মাধ্যম টি আৰ টি ৱল্ডৰ্ৰ এক্স হেণ্ডেলো ভাৰতত নিষিদ্ধ কৰা হৈছে৷

Related Articles