ভাৰতৰ প্ৰতিৰক্ষা খণ্ড ক্ৰমাৎ শক্তিশালী, বিশ্বৰ ৮০খন দেশলৈ অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি । India defense sector 

নতুন দিল্লী: India defense sector । ক্ৰমাৎ শক্তিশালী হৈ উঠিছে ভাৰতৰ প্ৰতিৰক্ষা খণ্ড। দেশটোৱে এতিয়া অস্ত্ৰ আৰু প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰে সমগ্ৰ বিশ্বৰ ৮০খন দেশলৈ। শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২৩,৬৬২ কোটি টকাৰ ঐতিহাসিক মাইলছ্ট’ন অতিক্ৰম কৰিছে, যিটো ২০১৩-১৪ বৰ্ষত মাত্ৰ ৬৮৬ কোটি টকা আছিল। চৰকাৰে ২০২৯ চনৰ ভিতৰত এই ৰপ্তানি ৫০,০০০ কোটি টকালৈ উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

এই অগ্ৰগতিক মূল আধাৰ হৈছে দেশীয়ভাৱে নিৰ্মিত উন্নত প্ৰযুক্তিৰ অস্ত্ৰ-শস্ত্ৰ। DRDO-ৰ দ্বাৰা নিৰ্মিত পিনাকা ৰকেট লঞ্চাৰৰ মাৰ্ক-১ সংস্কৰণৰ ৰেঞ্জ ৪০ কিলোমিটাৰ, আৰু মাৰ্ক-২ সংস্কৰণৰ ৰেঞ্জ ৬৫ কিলোমিটাৰ। ৪২ ছেকেণ্ডৰ ভিতৰত ১২টা ৰকেট নিক্ষেপ কৰিবলৈ সক্ষম এই লঞ্চাৰটোৱে আক্ৰমণৰ সঠিকতাৰ বাবে বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে।

ইয়াৰ উপৰিও ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল, যিটো শব্দৰ গতিতকৈ বেছি বেগেৰে লক্ষ্যলৈ গতি কৰি ধ্বংস কৰে, তাকো ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰসমূহৰ বিৰুদ্ধে সফলতাৰে ব্যৱহাৰ কৰিছে। লগতে, পাকিস্তানে চলোৱা আক্ৰমণত ভাৰতীয় ‘আকাশ’ ইন্টাৰচেপ্টৰে প্ৰতিষেধমূলক ভূমিকা গ্ৰহণ কৰিছিল।

ড্ৰ’নৰ ক্ষেত্ৰতো উল্লেখযোগ্য অগ্ৰগতি দেখা গৈছে। ইজৰাইলৰ প্ৰযুক্তিৰ আধাৰত ভাৰতত নিৰ্মিত মেড ইন ইণ্ডিয়া ড্ৰ’নবোৰে সীমান্তত অপাৰেশ্যন চলোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

বিগত বৰ্ষত, ভাৰতৰ ব্যক্তিগত খণ্ডে ১৫,২৩৩ কোটি টকাৰ আৰু ৰাজহ খণ্ড (DPSU) এ ৮,৩৮৯ কোটি টকাৰ সামগ্ৰী ৰপ্তানি কৰিছে।

ব্ৰহ্মছৰ লগতে তেজছ যুঁজাৰু বিমান, K9 বজ্ৰা, Dornier-228 বিমান, আৰু বিভিন্ন ধৰণৰ আৰ্টিলাৰী বন্দুকৰো বিশ্ববাজারত চাহিদা দিনে দিনে বৃদ্ধি পাইছে। এই সকলোবোৰ সফলতাৰ জৰিয়তে ভাৰত বিশ্বজনীন অস্ত্ৰ-বজাৰত এটা শক্তিশালী স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

Related Articles