Breaking

ধৰ্মৰ ভিত্তিত বিভাজিত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে দুখন দেশ হিচাপেঃ বশিষ্ঠ বুজৰবৰুৱা…

0 39

ভাৰতবৰ্ষ ধৰ্মৰ ভিত্তিত বিভাজন হৈছিল ৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে দুখন দেশ হিচাপে ৷ বৃটিছৰ কুটিল ষড়যন্ত্ৰ আৰু ক্ষমতালোভী কংগ্ৰেছ নেতৃত্বৰ বাবেই ভাৰত বিভাজন হ’ল ৷ যাৰ পৰিণতিত ভাৰতবৰ্ষৰ একাংশলোক নিশাৰ ভিতৰতে পাকিস্তানৰ নাগৰিক হৈ পৰিল ৷ এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, অসম ক্ষেত্ৰৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাৰ ৷ প্ৰজ্ঞা“ ৰ উদ্যোগত গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত “ অসমৰ ন – পুৰণি শিল্পী সকলক লৈ “ভাৰত বিভাজনৰ কৰুণ ইতিহাস“ শীৰ্ষক এখনি বক্তৃতানুষ্ঠান মংগলবাৰে সন্ধিয়া অনুষ্ঠিত বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰি বশিষ্ঠ বুজৰবৰুৱাই পুনৰ কয় যে, কিদৰে আমাৰ জ্ঞানৰ ভূমি , প্ৰাণৰ ভূমি অখণ্ড ভাৰতবৰ্ষ বিভাজন হ’ল তাৰ কৰুণ ইতিহাস বৰ্ণনা কৰি কয়, স্বাধীনতা কালৰে পৰা কিদৰে বৃটিছৰ কূটিল ষড়যন্ত্ৰত আমাৰ দেশ চিন্ন বিচিন্ন হৈ গৈছিল ৷ আনকি, নিশাৰ আগলৈকে এখন দেশৰ নাগৰিক দুখন দেশৰ নাগৰিক হৈ পৰিল ৷ ফলশ্ৰুতিত নতুনকৈ গঠন হোৱা দেশৰ এচাম লোকৰ হিংসাৰ বলি হৈ দেশান্তৰিত হ’বলগীয়া হৈছিল সেই বিষয়ে তথ্যসহ বিস্তৃত ভাৱে উপস্হাপন কৰে ৷ প্ৰজ্ঞাৰ সভাপতি তথা বিশিষ্ট কন্ঠশিল্পী জিতুল সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত সভাত তেখেতে পুনৰ কয় যে, দেশ বিভাজনকাৰী কংগ্ৰেছী সকলে আজি স্বাধীনতা সন্দৰ্ভত ৰাইজৰ সন্মুখত আভুৱা ভাৰি আহিছে ৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ বহু পিছলৈও দেশ বিভাজনত অৰিহণা যোগোৱা এচাম নেতাৰ গভীৰ ষড়যন্ত্ৰৰ বাবেই দেশত গোলামী মানসিকতা গঢ়ি উঠিছিল ৷

ডা° আলেখ্য বৰুৱাই আত ধৰা আৰু প্ৰায় দেৰ শতাধিক শিল্পীৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাখনত অংশগ্ৰহণ কৰে অসমৰ প্ৰতিষ্ঠিত শিল্পী ক্ৰমে – চেতনা দাস , মালবিকা বৰা , শান্তা উজিৰ ৰাজশ্ৰী ফুকন,পাহাৰী দাস, হেমন্ত কুমাৰ দাস , মাধুৰীমা চৌধুৰী ,দীপক ৰয়, ড° ববি শৰ্মা বৰুৱা, মিতালী শৰ্মা,সুলখ্যনা বৰুৱা,কাশ্মীৰী শইকীয়া, নিশিতা গোস্বামী ,প্ৰিয়ংকা ভৰালী, কল্পনা কলিতা, ভ্ৰান্তি মেধি, শ্যামন্তীকা শৰ্মা’,বিবেক বৰা,নীল দাস, মৰমী মেধি,বিক্ৰম ৰাজখোৱা, মেঘৰঞ্জনী মেধি ,চিৰন্তন মহন্ত,দ্বীপান্দিতা পাঠক মহন্ত,বনলতা বৈশ্য আদিৰ লগতে প্ৰজ্ঞাৰ আহবায়ক তথা অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা , শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ,অৰুপ বুজৰবৰুৱা, সঞ্জীৱ দত্ত আৰু কল্পজ্যোতি কোঁৱৰৰ লগতে বিশিষ্ট শিল্পী ভাগৱত প্ৰীতম ,যতীন বৰা , মন্মথ বৰুৱা, বিদ্যা সাগৰ, পদ্মৰাগ গোস্বামী, অসীম কৃষ্ণ বৰুৱা, পল ফুকন, শৰৎ ৰাগ ,নৱজ্যোতি পাটোৱাৰী আদিয়েও উপস্হিত থাকে৷

Leave A Reply