Breaking

ভাৰতক ধন্যবাদ জনালে ৰাছিয়াই;তেলৰ দৰ বান্ধি দিয়া জি-৭ মিত্ৰজোঁটৰ সিদ্ধান্তত সমৰ্থন নাই ভাৰতৰ…

0 63

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ইউক্ৰেইনত এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰাৰ পিছত ৰাছিয়াৰ ওপৰত শতাধিক নিষেধাজ্ঞা আৰোপ কৰিছে। এই তালিকাত শেহতীয়া সংযোজন হৈছে ৰাছিয়ান ইন্ধন তেলৰ মূল্য।

Indian and Russian flag pair on desk over defocused background. Horizontal composition with copy space and selective focus.

কোৱাৰ প্ৰয়োজন নাই যে ৰাছিয়াৰ অৰ্থনীতিক বিপদত পেলোৱাই হৈছে এই পদক্ষেপৰ উদ্দেশ্য। অৱশ্যে, ভাৰতে জি-৭ আৰু ইয়াৰ মিত্ৰশক্তিৰ এনে পদক্ষেপত সন্মত হোৱা নাই। ফলত ৰাছিয়াই কিছু সকাহ পাইছে। ইয়াৰ বাবেই ভাৰতক ধন্যবাদ জনাইছে তেওঁলোকে।

ভাৰত হৈছে ৰাছিয়াৰ তেলৰ দ্বিতীয় সৰ্ববৃহৎ আমদানিকাৰী। ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ নোভাকে শনিবাৰে ৰাছিয়াত ভাৰতীয় ৰাষ্ট্ৰদূত পৱন কুমাৰক সাক্ষাৎ কৰে। বৈঠকৰ পিছত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতক ধন্যবাদ জনাই এক বিবৃতি জাৰি কৰে।

বিবৃতিত ৰাছিয়াই কয় যে উপ-প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ইন্ধন তেলৰ মূল্য নিৰ্ধাৰণৰ জি-৭ মিত্ৰজোঁটৰ সিদ্ধান্তৰ সৈতে সন্মত নোহোৱাৰ ভাৰতৰ সিদ্ধান্তক আদৰণি জনাইছে। উপ প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ নোভাকে ভাৰতক তেল আমদানিৰ বাবে জি-৭ আৰু ইয়াৰ সহযোগী দেশসমূহৰ জাহাজৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বৃহৎ জাহাজ লীজত দিয়া আৰু নিৰ্মাণত সহায় কৰাৰ আশ্বাস দিছে।

Indian and Russian flag pair on desk over defocused background. Horizontal composition with copy space and selective focus.

জি-৭ মিত্ৰজোঁটৰ এই সিদ্ধান্ত অনুসৰি, সাগৰীয় পথেৰে ৰাছিয়াৰ ইন্ধন তেল আমদানি কৰিব বিচৰা দেশ বা কোম্পানীবোৰে প্ৰতি বেৰেলত ৬০ ডলাৰ বা তাতকৈ কম মূল্যত খাৰুৱা তেল ক্ৰয় কৰিব লাগিব। অন্যথা, জি-৭ মিত্ৰজোঁট, ইউৰোপীয় ইউনিয়নৰ দেশবোৰৰ জাহাজ আৰু অন্যান্য সুবিধা ব্যৱহাৰ কৰি তেল আমদানি কৰিবলৈ অনুমতি দিয়া নহ’ব। এইটো ৫ ডিচেম্বৰত কাৰ্যকৰী হৈছিল। অৱশ্যে, ভাৰত আৰু চীনে এই সিদ্ধান্তত সন্মত হোৱা নাই।

Leave A Reply