India-France sign deal Rafale-M for Navy: পেহেলগাম নৰসংহাৰৰ পিছতে নৌসেনাৰ শক্তি বৃদ্ধি কৰিবলৈ ফান্সৰ পৰা ২৬খন ৰাফেল ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰতৰ

পেহেলগাম নৰসংহাৰৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই ভাৰতীয়(India-France sign deal Rafale-M for Navy) নৌসেনাক শক্তিশালী কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ জানিব পৰা মতে, সোমবাৰে ফ্ৰান্সৰ পৰা চ্ছখন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ চুক্তি স্বাক্ষৰিত হৈছে৷ ইয়াৰ ফলত মুঠতে দুয়োখন দেশৰ মাজত ৬৩ হাজাৰ কোটি টকাৰ ব্যৱসায় হ’ব৷ মন কৰিবলগীয়া যে এই চ্ছখন ৰাফেলে নৌসেনাৰ দুখন যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্ত আৰু আই এন এছ বিক্ৰমাদিত্যৰ পৰা আকাশত উৰিব৷ ফলত ভাৰতীয় নৌসেনা আৰু অধিক শক্তিশালী হ’ব৷ নৌসেনাক নতুন ৰূপ দিয়াৰ বাবে একেলগে চ্ছখন মেৰিন জেট ক্ৰয় কৰা হৈছে৷ ২০২৩ চনৰ জুলাই মাহত নৌসেনাৰ বাবে যুদ্ধ বিমান ক্ৰয় কৰাৰ বিষয়টো প্ৰতিৰক্ষা বিভাগত উত্থাপন হৈছিল৷ সেই সময়ত ভাৰতে ফ্ৰান্সৰ লগত কথা পাতি আছিল৷ তাৰ পাছত চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰটোৱে ৬৩ কোটি টকাৰ চুক্তিখন চূড়ান্ত কৰে৷ সামৰিক সূত্ৰৰ তথ্য অনুসৰি ভাৰতীয় নৌসেনাই লাভ কৰিব ২২খন একক আসনৰ ৰাফেল মেৰিন ফাইটাৰ জেট আৰু চ্ছ্ৰখন ডাবল আসনৰ বিমান৷ এই চুক্তিত ৰক্ষণাবেক্ষণ আৰু লজিষ্টিক সহায়ক পেকেজ, নৌসেনাৰ জোৱানৰ প্ৰশিক্ষণ ইত্যাদিও সন্নিৱিষ্ট কৰা হৈছে৷ চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেবাষ্টিয়ান লেকৰ্ণু ভাৰতত থকাৰ কথা আছিল৷ কিন্তু শেষত তেওঁ আহিব নোৱাৰিলে৷

কিন্তু সোমবাৰে এই চুক্তি স্বাক্ষৰিত হ’লেও ৰাফেল তৎক্ষণাৎ ভাৰতলৈ ডেলিভাৰী কৰা নহ’ব৷ কিছুদিনৰ পিছত ভাৰতলৈ ৰাফেলৰ ডেলিভাৰী আৰম্ভ হ’ব৷ ২০৩১ চনৰ ভিতৰত ভাৰতত উপস্থিত হ’ব চ্ছখন ৰাফেল৷ জানিব পৰা মতে, ‘পুৰণি’ মিগ-২৯ কে যুঁজাৰু বিমানৰ ঠাইত নতুন ৰাফেল ব্যৱহাৰ কৰা হ’ব৷ ৰাফেল এমক বিশ্বৰ অন্যতম উন্নত সামুদ্ৰিক যুদ্ধ বিমান বুলি গণ্য কৰা হয়৷ ভাৰতত বৰ্তমান ৩৬খন ৰাফেল যুদ্ধ বিমান আছে৷ অৱশ্যে নতুন চ্ছখন ৰাফেলত একাধিক ভাৰতীয় ক্ষেপণাস্ত্ৰ প্ৰযুক্তি থাকিব বুলি সূত্ৰই প্ৰকাশ কৰিছে৷ মন কৰিবলগীয়া যে ভাৰতৰ তিনিটা বাহিনীয়ে পেহেলগাম আক্ৰমণৰ পিছত নিয়মীয়াকৈ যুদ্ধ অনুশীলন চলাই আহিছে৷ সীমান্তত ক্ষেপণাস্ত্ৰ স্থাপন কৰিও নিজকে সাজু কৰি তুলিছে নৌসেনাই৷ ইফালে ৰাফেল চুক্তি স্বাক্ষৰিত হোৱাটোৱে নিসন্দেহে নৌসেনাৰ মনোবল বৃদ্ধি কৰিব৷ একে সময়তে শত্ৰু চীন আৰু পাকিস্তানৰ বুকুও কঁপাই তুলিব বুলি বহুতে মন্তব্য কৰিছে৷

Related Articles