Breaking

পুনৰ লজ্জিত কৰা হ’ল ভাৰতক! কোনে, কিয় লাজত পেলালে ভাৰতক…

0 48

পুনৰ বিশ্বৰ ওচৰত লজ্জানত হ’ল ভাৰত। ভাৰতলৈ ফুৰিবলৈ আহি দলবদ্ধ বলাৎকাৰৰ বলি হ’ল স্পেইনৰ এগৰাকী মহিলা পৰ্যটক। ঝাৰখণ্ডত সংঘটিত হৈছে এই ঘটনা। ঝাৰখণ্ডৰ ডুমকা জিলাত সংঘটিত এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু তিনিজন সন্দেহজনক লোকক আটক কৰিছে। এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে এই লজ্জাজনক ঘটনাটো ডুমকাৰ হান্সদিহা আৰক্ষী থানা অঞ্চলৰ কুৰ্মাহাটত ঘটিছে। ভুক্তভোগী মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে ভাৰতলৈ আহিছিল। প্ৰায় ১০ জনীয়া দল এটাই বিদেশী মহিলাগৰাকীক ধৰ্ষণ কৰে। এছপি পীতাম্বৰ সিং খেৰৱাৰৰ নিৰ্দেশত আৰক্ষীৰ এটা দলে ঘটনাটোৰ তদন্ত কৰি আছে। হান্সদিহা আৰক্ষী থানাৰ আৰক্ষীয়ে তিনিজন লোকক আটক কৰিছে। তথ্য অনুসৰি, স্পেনিছ মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে বাইকত ওলাই গৈছিল। তেওঁলোকে ডুমকা হৈ ভাগলপুৰ অভিমুখে গৈ আছিল।

নিশা পলম হোৱাত তেওঁলোকে হান্সদিহা বজাৰত কেম্প সাজি শুই আছিল। নিশা ওচৰ-পাজৰৰ কেইজনমান যুৱকে তাত উপস্থিত হৈ স্পেনিছ মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। অভিযুক্তসকলে মহিলাগৰাকীক প্ৰহাৰো কৰে।বৰ্তমান, ভুক্তভোগী মহিলাগৰাকীক ডুমকা জিলাৰ চাৰিয়াহাত চিএইচচিত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে কুকুৰ ব্যৱহাৰ কৰি বলাৎকাৰীক গ্ৰেপ্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে।

Leave A Reply