Breaking

চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে চিহ্নিত ভাৰত…

0 148

২০২৩ চনৰ মাজভাগলৈকে ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হ’ব, জনসংখ্যা ১.৪২ বিলিয়ন হ’ব।ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ভাৰত এতিয়া বিশ্বৰ সৰ্বাধিক জনবহুল দেশ।বিশেষজ্ঞসকলে কয় যে গ্ৰাহক-চালিত অৰ্থনীতিত ভাৰতৰ যুৱ জনসংখ্যাই দেশৰ উন্নয়নৰ ক্ষেত্ৰত এক প্ৰধান কাৰক হ’ব।
ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি (UNFPA)ৰ শেহতীয়া তথ্য অনুসৰি চীনতকৈ ২৯ লাখ জনসংখ্যা বেছি থকা ভাৰত বৰ্তমান বিশ্বৰ সৰ্বাধিক জনবহুল দেশ।

বুধবাৰে প্ৰকাশিত ‘৮ বিলিয়ন লাইভছ, ইনফিনিট পচিবিলিটিজ: দ্য কেছ ফৰ ৰাইটছ এণ্ড চয়ছ’ শীৰ্ষক ইউএনএফপিএৰ ‘দ্য ষ্টেট অৱ ৱৰ্ল্ড পপুলেচন ৰিপ’ৰ্ট, ২০২৩’ত কোৱা হৈছে যে ভাৰতৰ জনসংখ্যা ১৪২৮.৬ মিলিয়ন হোৱাৰ বিপৰীতে চীনৰ জনসংখ্যা ১৪২৫.৭ মিলিয়ন।

১৯৫০ চনত ৰাষ্ট্ৰসংঘই জনসংখ্যাৰ তথ্য সংগ্ৰহ আৰু প্ৰকাশ কৰিবলৈ আৰম্ভ কৰাৰ পিছত ভাৰতৰ জনসংখ্যাই চীনক প্ৰথমবাৰৰ বাবে অতিক্ৰম কৰে।

Leave A Reply